মাদক দ্ৰব্য পৰিহাৰ কৰোঁ আহক

 মাদক দ্ৰব্য পৰিহাৰ কৰোঁ আহক


সুখী জীৱন মষিমূৰ কৰা

শিৰৰ সেন্দুৰ, বুকুৰ পোণাক কাঢ়ি নিয়া

যমদূত হেন মাদক দ্ৰব্য

সৱে কৰা পৰিত্যাগ।


সমাজৰ বিশৃংখলতা,

ঘটনা-দুৰ্ঘনাৰ মূল কাৰণ ই

সামাজিক ব্যাধি যি

সমূলি আঁতৰ কৰিবা সৱাই।


খন্তেকীয়া সুখ দি

দুখৰ বোজা জাপি দিব

তেতিয়াহে চেতনা লভিবা

কি হ'ব বিলাই?


শৰীৰৰ স্থিৰতা নাথাকে কদাপি

লাহে লাহে শুহি নিব 

জীৱন ধ্বংস কৰি

হেঁপাহৰ দিন-ৰাতি। 


অজুহাত এটি মাথোঁ

দুখতো, সুখতো

অলপহে খাইছোঁ!

মদে যে ভাই তোমাকেই আছে খাই। 


নিয়তিয়ে মাতিব সঘনাই

ঘাত-প্ৰতিঘাত আহিব বেগাই,

যদিহে নকৰা মদ সমূলঞ্চে ত্যাগ

মৃত্যু হ'ব যে তোমাৰ সমাগত। 


কেতিয়াবা পংগু

কেতিয়াবা মৃত 

এনেকৈয়ে দিন যাব

মদত যদি দিয়া ৰাপ।


সেই জানি সকলোৱে

পৰিহাৰ কৰা মদ,

সুস্থ সবল সমাজ গঠনত

অৰিহণা দিওঁ একেলগত। 

............................................


ঠিকনা--

প্ৰগতি গগৈ চাংমাই

৪৯৮ নং হালোৱা গাঁও প্ৰাথমিক বিদ্যালয়

সহ: শিক্ষয়িত্ৰী

ডাকঘৰ- চকীমুখ(নাজিৰা)

পিন-৭৮৫৬৮৫

জিলা- শিৱসাগৰ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.