জীৱনৰ খোজ

 জীৱনৰ খোজ

বিমল শৰ্মা




(প্রথম খণ্ড)



এক দুৰ্ব্বহ হেপাহে তাইক তিলতিলকৈ জীয়াই ৰাখিছিল,তাইৰ জীৱনত নোহোৱা কথাটোৰ প্রশ্নৰ সমিধান বিচাৰি |সেই কথাবোৰৰ সমিধান আছিল যদিও তাইৰ বাবে জীৱনৰ প্রহৰীহৈ পৰিছিল হেজাৰ প্রাচীৰ |
ফ্লোৰেঞ্চে বিশ্বাস দিছিল ,বিশ্বাস কৰিছিল আৰু বিশ্বাসৰে কৈছিল এক কথা তাইৰ ভাল পোৱা মাৰ্কক |কেতিয়াবা তাই মাৰ্কৰ উদৰতা দেখি ভাবিছিল,মাৰ্ক নহা হ'লে তাইৰ জীৱনত সুপ্তপ্রায় অৱস্থাবোৰ বৰ্ত্তমান সময়লৈকে বিলীন হ'লহেতেন |
এক নতুন আশাৰ কেইটামান মুহূৰ্ত্তই মাৰ্কে তাইৰ সুদূৰ অতীতৰ কাহিনীবোৰ ৰোমাণ্থন কৰি বিস্মৃতিৰ পৰিবেশ কঢ়িয়াই আনিছিল |
হঠাৎ এদিন দুপৰীয়াৰ সময় ,বেৰত থকা পেণ্ডুলামৰ ঘন্টাই দুইবজাৰ সংকেত দিয়াত চিল্ মিল্ টোপনিত থকা ফ্লোৰেঞ্চ থিয়হৈ চাইছিল ------
বাহিৰৰ প্রখৰ উত্তপ্ত সুৰুযৰ বিকিৰত উষ্ণতা !ঘামি জামি এনেতে মাৰ্ক পোনে পোনে সোমাই আহিল তাইৰ কোঠালিলৈ |
মাৰ্কে দেখিলে ফ্লোৰেঞ্চৰ মুখমণ্ডল বিকটহৈ উঠিছে, মাৰ্কে মৃদু ভাবে তাইক ক'লে কি হ'ল
ফ্লোৰেঞ্চ তোমাৰ ৰূপহীযেন মনালিছাৰ দৰে হাঁহি থকা মুখখনত আজি ক'ৰ পৰা আহি ওলাল এই সূৰ্পণখাৰ খংটো | মাৰ্ক কিছুসময়
নিস্তব্ধহৈ তাইক কাষলৈ মাতিলে ফ্লোৰেঞ্চ চকীখন তুমি মোৰ কাষলৈ চপাই অনা,মাত্র কেইটা মান চেকেণ্ড তোমাৰ নষ্ট হ'ব ~|


(ক্ৰমশ:)

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.