দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন)

==================


চুমিয়া আকতাৰা  উদমাৰী, নগাঁও 


মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা?


মামণি: মই এইবাৰ মেখেলা চাদৰকে ল'ম মা।

দুৰ্গাপূজা কেতিয়া হয় নো মা?


মা: আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত। এই তিথি কোনো বছৰত কাতি মাহতো পৰেগৈ।


মামণি: দুৰ্গাপূজাৰ বিষয়ে অলপ বহলাই কোৱানা মা।


মা: তোমাৰ আগ্ৰহ দেখি বৰ ভাল লাগিল মামণি।

দুর্গাপূজা বঙালীসকলৰ পাৰিবাৰিক জীৱনত মিলনৰ উৎসৱ বুলি ক’ব পাৰি। সুদীর্ঘ প্রবাসী জীৱন যাপনৰ পাছত পূজাৰ সময়ত ভাই-ককাই, বাই-ভনী, আত্মীয়-স্বজন ঘৰলৈ ফিৰি আহি মাতৃৰ স্নেহৰ স্নেহময়ী কোলাৰ আচলত জিৰণি লৈ হিয়া শাত পেলায়। দুৰ্গাপূজাৰ সময়ত ঘৰখন আনন্দমুখৰ হৈ উঠে। সেয়েহে ই মিলনৰাে উৎসৱ।


মামণি: দুৰ্গাপূজা কেইদিন হয় মা?


মা: দুর্গাপূজা চাৰিদিনতে সমাপ্ত হয়; তাতকৈ বেছি দিন পূজা নহয়। ইয়াৰ এটা কাহিনী বঙালীসকলৰ মাজত প্ৰচলিত আছে। হিমালয়ৰ কন্যা উমাই (দুর্গাই) বিবাহৰ বহু বছৰৰ পাছত পুত্র কন্যা সমন্বিতে মাত্র তিনিদিনৰ বাবেহে পতি গৃহৰপৰা পিতৃগৃহলৈ আহিছিল আৰু মাতৃ মেনকাক কন্দুৱাই চতুর্থদিনাই পুনৰ পতিগৃহলৈ গমন কৰিছিল। সেইবাবেই পূজাৰ চতুর্থ দিনা দেৱীৰ বিসর্জন হয়। বঙালীসকলৰ পাৰিবাৰিক জীৱনতাে এই কাহিনীৰ সামঞ্জস্য তেওঁলােকে দেখিবলৈ পায়। বিবাহিতা কন্যাৰ পিতৃ-গৃহলৈ আগমনত অন্যান্যসকলৰ লগতে মাতৃৰ অন্তৰ আনন্দত উদ্বেলিত হৈ উঠে। সেইদৰে স্বামী গৃহলৈ প্রত্যাগমনৰ দিনা বিদায়বেলাত মাতৃৰ অন্তৰেই আটাইতকৈ বেদনাসিক্ত হৈপৰে। এই সাদৃশ্যই দুর্গাপূজাক বঙালীসকলৰ প্ৰাণৰ আপােন কৰি তুলিছে।


মামণি: দুৰ্গাপূজাত কি কি কৰা হয় মা?


মা: সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত ষােড়শােপচাৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে। অষ্টমী আৰু নৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বােলে। দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত হয় আৰু দেৱীক বিসর্জন দিয়া হয়। নানা বাদ্য-ভাণ্ডাৰে শােভাযাত্রা কৰি কোনাে নদীত বা জলাশয়ত প্রতিমা উটুৱাই দিয়া হয়।


মামণি: আকৌ দুৰ্গাপূজাত আমি দেখোন ভাওনা, থিয়েটাৰ চাবলৈ যাওঁ...


মা: ভাওনা, থিয়েটাৰ আদিয়ে পূজাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হােমৰ গন্ধই,ডবা,কাহ, শংখ, ঘণ্টাৰ সন্মিলিত সময়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা সানি দিয়েহি। হিংসা, দ্বেষ, কপটতা বিসর্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰদোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বর্যবিভূতি কামনা কৰে। 


এই দুৰ্গাপূজাক আকৌ বাসন্তী পূজা বুলিও কোৱা হয়। 


মামণি: হয় নেকি মা?


মা: উম্ বসন্তকালত অনুষ্ঠিত হোৱাৰ বাবেই এই পূজাক বাসন্তী পূজা নামে অভিহিত কৰা হয়।


মামণি: বা! 

মই এইবোৰ কথা ইমান দিন জানাই নাছিলোঁ মা। মই ভাবিছিলোঁ দুৰ্গাপূজা মানে ভাওনা, থিয়েটাৰ চোৱা।

বৰ ভাল লাগিল কথাবোৰ জানি।


মা: হয় নেকি মামণি?


মামণি: উম্ ।


মা: আজিৰ পৰা জানিলা নহয়!


মা: হয় মা, জানিলোঁ। এতিয়া মোৰ লগৰবোৰকো ইয়াৰ অন্তৰ্নিহিত কথাখিনি ক'ম।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.