আলিফ ইউনিয়ন ফাউণ্ডেশ্যন
আলিফ ইউনিয়ন ফাউণ্ডেশ্যন
‘মানুহৰ সেৱা ঈশ্বৰৰ সেৱা
মানৱতাৰ সেৱা জীৱনৰ শ্ৰেষ্ঠ কাম’
এই বাক্য দুশাৰী সৰোগত কৰি ২০১৮ চনৰ
ফ্ৰেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনা সোণাইবেৰা প্ৰাথমিক
বিদ্যালয়ৰ বাকৰিত কেইজন মান উদীয়মান শিক্ষিত যুৱক যুৱতীৰ প্ৰচেষ্টাত মানৱ জাতিৰ
উন্নতিৰ বাবে আলিফ
ইউনিয়ন ফাউণ্ডেশ্যন নামৰ এক ন্যাস গঠন কৰা হৈছিল ।
নির্দিষ্ট
লক্ষ্য, উদ্দেশ্য আৰু পূর্ব-ঘোষিত
নীতি-নিয়মৰ মাজেৰেই যিকোনো সৰু-বৰ সংগঠন, সংস্থা আদি গঠিত হয় আৰু ও পৰিচালিত হয়। আলিফ
ইউনিয়ন ফাউণ্ডেশ্যনও সাতামপুৰুষীয়া এই গণতান্ত্রিক
পৰম্পৰাক ৰক্ষা কৰি তলত দিয়া নীতি নিয়ম সমূহ ন্যাসৰ বাবে
বান্ধি দিছে ।
ন্যাসৰ নাম
Ø আলিফ
ইউনিয়ন ফাউণ্ডেশ্যন
ন্যাসৰ পঞ্জীয়নভুক্ত কাৰ্যালয়
Ø ঘৰ নং ৯৫, সোণাইবেৰা -বৰদুৱা
ৰোড, সোণাইবেৰা, আলিটাঙনী, নগাঁও,
অসম
ন্যাসৰ বিষয়ে
Ø আলিফ
ইউনিয়ন ফাউণ্ডেশ্যন মুলতঃ জাতি, ধৰ্ম ,
বর্ণ নির্বিশেষে সমাজৰ দরিদ্র আৰু নিপীড়িত লোকৰ উত্থানৰ
বাবে চেষ্টা কৰা এটি সামূহিক সংস্থা। এই ন্যাস ব্যক্তিগত লাভালাভৰ বাবে নহয়।
Ø আলিফ
ইউনিয়ন ফাউণ্ডেশ্যন এটা অ লাভজনক, অৰাজনৈতিক আৰু
ধৰ্মনিৰপেক্ষ সংস্থা ।
Ø ২০১৮ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে ইয়াক আৰম্ভ কৰা হৈছে ।
Ø ইয়াৰ আৰম্ভণিৰ পৰাই মহাত্মা গান্ধীৰ সপোনৰ সৰ্বাংগিন
গ্ৰাম্য উন্নয়ন কাৰ্যসূচী তথা এখন সুস্থ, যোগাত্মক,
সুস্থিৰ, সৱল তথা নিচামুক্ত সমাজ গঢ়াৰ সৈতে
গভীৰভাৱে জড়িত ।
Ø ইয়াৰ কাৰ্য্যকলাপৰ মূল ক্ষেত্ৰসমূহ মানুহৰ মাজত
বিজ্ঞানৰ বিষয়ে সজাগতা সৃষ্টি কৰা, সমাজত চলি থকা অন্ধবিশ্বাস
আৰু কু-সংস্কাৰ দূৰ কৰা, লিংগ বৈষম্য দূৰ কৰা, দৰিদ্ৰতা নিৰাময়, শিক্ষাৰ উন্নতি, স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা,
অনাময় আৰু পুষ্টি, প্ৰাকৃতিক সম্পদ সংৰক্ষণ,
পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, মহিলা
আৰু শিশুৰ বাবে গাঁৱৰ স্বাস্থ্য পুষ্টি উন্নয়ন শিবিৰ, আলোচনা
চক্ৰ, সন্মিলন, কৰ্মশালা, শিবিৰ আৰু অভিযান চলোৱা, সজাগতা আৰু পৰামৰ্শ,
আলোচনা মঞ্চ ইত্যাদি ।
ন্যাসৰ উদ্দেশ্য
Ø শিক্ষাক সামাজিক পৰিৱৰ্তনৰ এটা সঁজুলি হিচাপে ব্যৱহাৰ কৰি
গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত উচ্চ প্ৰতিয়োগিতামূলক মনোভাব গঢ়ি তোলা তথা গ্ৰাম্য
অঞ্চলত ক্ৰীড়াপ্ৰেমী যুৱক-যুৱতীসকলৰ ক্ৰীড়াত এক সৃষ্টিশীল পৰিৱেশ গঢ়ি তুলি সামাজিক
দায়বদ্ধতাক আগুৱাই নি এখন সুস্থ, যোগাত্মক, সুস্থিৰ,
সৱল তথা নিচামুক্ত সমাজ গঢ়া
ন্যাসৰ মিছন
Ø ঐক্য, শান্তি-সম্প্রীতি তথা সুস্থ ধর্মীয় বাতাবৰণৰ মাজেৰে সমাজৰ
বিভিন্ন দিশৰ সহায়ক হোৱাকৈ কৰ্ম আঁচনি প্রস্তুতৰ জৰিয়তে দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক উন্নয়নৰ
প্ৰসাৰ সাধন কৰা জীৱনৰ মান বৃদ্ধি কৰা।
ন্যাসৰ দৃষ্টিভংগী
Ø সমাজৰ বিশেষকৈ দৰিদ্ৰ, শোষিত, লাঞ্চিত, বঞ্চিত, অৱহেলিত শ্ৰেণীৰ ব্যক্তি তথা জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে এনে এক ভবিষ্যত সৃষ্টি কৰা য’ত প্ৰতিজন
ব্যক্তিৰ বাবে সুযোগ আৰু সম্পদৰ সমান সুবিধা নিশ্চিত হয়, তাৰ দ্বাৰা এক সৃষ্টিশীল পৰিৱেশ গঢ়ি তুলি সামাজিক দায়বদ্ধতাক
আগুৱাই নি এখন সুস্থ, যোগাত্মক, সুস্থিৰ, সৱল তথা নিচামুক্ত সমাজ গঢ়িব পাৰি।
ন্যাসৰ লক্ষ্য
Ø ৰাষ্ট্ৰীয় সংহতি আৰু দেশৰ ঐক্যৰ প্ৰসাৰ তথা প্ৰচাৰ
বাবে যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীৰ মাজত এক সৃষ্টিশীল পৰিৱেশ গঢ়ি তোলা
Ø নৱ প্ৰজন্মৰ মাজত
সাহিত্য চৰ্চাৰ ধাৰা অব্যাহত ৰখা তথা প্ৰতিয়োগিতামূলক মনোভাব গঢ়ি তোলা তাৰ দ্বাৰা
নৱপ্ৰজন্মৰ মাজত এক সৃষ্টিশীল পৰিৱেশ গঢ়ি উঠে, যিয়ে ভৱিষ্যতৰ সমাজৰ
উত্তৰাধিকাৰীক সকলক এখন সুস্থ, যোগাত্মক, সুস্থিৰ, সৱল তথা নিচামুক্ত সমাজ গঠনৰ
প্ৰেৰণা দিয়ে।
Ø সকলো নাগৰিকৰ মাজত
সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ বিকাশৰ বাবে কাম কৰা
Ø গ্ৰাম্য অঞ্চলবোৰত
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ বাবে সন্মিলন,
বক্তৃতানুষ্ঠান, আলোচনাচক্ৰ, কৰ্মশালা ইত্যাদিৰ আয়োজন কৰা ।
Ø দাৰিদ্ৰ সীমাৰেখাৰ
তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি আৰু চিকিৎসা সাহায্যৰ বাবে পুঁজি গঠন আৰু
ব্যৱস্থাপনা কৰা
Ø ডাইনী, বাল্যবিবাহ আদিৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে প্ৰৱল জনমত
গঢ়ি তোলা।
Ø অন্ধবিশ্বাৰ ধৰে
সামাজিক কুসংস্কাৰ বোৰৰ বিৰুদ্ধে সমাজত সজাগতা বৃদ্ধি কৰা
Ø সাম্প্ৰদায়িক সংঘৰ্ষ, ধৰ্মীয় হিংসা,প্ৰাকৃতিক দূৰ্যোগ ইত্যাদিৰ বাবে
স্থানচ্যুত প্ৰৱজনকাৰী লোকসকলক আইনী পৰামৰ্শ প্ৰদানৰ লগতে সামাজিক সুৰক্ষা
প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে কাম কৰা
Ø মূলত: শিশু আৰু
কিশোৰসকলৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু বৌদ্ধিক দিশৰ
সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়োৱা
Ø গ্ৰাম্য অঞ্চলবোৰৰ
যুৱক-যুৱতীসকলক শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক বাবে আগবঢ়াই নিয়া
Ø অংশগ্ৰহণমূলক
গ্ৰামোন্নয়নৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ লোকসকলক উন্নয়নৰ প্ৰতিটো পদক্ষেপতে সক্ৰিয় অংশগ্ৰহণেৰ
বাবে উত্সাহিত কৰা
Ø ক্ৰীড়া, শাৰীৰিক ব্যায়াম ইত্যাদিৰ জৰিয়তে যুৱ সমাজৰ বিকাশ তথা
উত্তৰণৰ বাবে কাম কৰা
Ø গণতন্ত্ৰৰ সফলতাৰ
পৰিস্থিতি সৃষ্টি কৰিবলৈ সহানুভূতি, পৰম্পৰা, আপোচ আৰু সহযোগিতাৰ মনোভাৱ সৃষ্টি কৰা
Ø দুখীয়া তথা দুৰ্বল
জনগোষ্ঠী আৰু মহিলা আৰু শিশুৰ বিভিন্ন আৰ্থ-সামাজিক উন্নয়নৰ বাবে কাম কৰা
Ø গ্ৰামাঞ্চলত সকলো শাখাতে শিক্ষাৰ প্ৰসাৰ আৰু বিকাশৰ বাবে কাম কৰা
Ø গ্ৰাম্য অঞ্চলবোৰৰ
স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বাবে কাম কৰা
Ø গ্ৰাম্য অঞ্চলবোৰৰ
শিশুৰ বিকাশৰ সৈতে মহিলা সৱলীকৰণ আৰু উত্থানৰ বাবে কাম কৰা যাৰ জৰিয়তে নাৰী সকলক
ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক দিশত
দিশত জাগ্ৰত কৰি তোলিব পাৰি।
Ø পৰম্পৰাগত সাংস্কৃতিক
কাৰ্যসূচীৰ বিকাশ তথা প্ৰসাৰৰ বাবে কাম কৰা।
Ø দুখীয়া আৰু দুৰ্বল
শ্ৰেণীক প্ৰয়োজন অনুসৰি আইনী পৰামৰ্শ প্ৰদান কৰা
Ø গ্ৰামাঞ্চলত ক্ৰীড়াৰ
প্ৰসাৰৰ বাবে ক্ৰীড়াপ্ৰেমী যুৱক-যুৱতীসকলক লগতলৈ এক সৃষ্টিশীল পৰিৱেশ গঢ়ি তোলা
Ø বঁটা/পুৰস্কাৰ প্ৰদান
কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত উচ্চ প্ৰতিযোগিতামূলক মনোভাব গঢ়ি তোলা।
Ø গ্ৰামাঞ্চলৰ মানৱ
সম্পদ সমূহক এক সঠিক মঞ্চ প্ৰদান কৰা যাৰ দ্বাৰা মানৱ সম্পদ সমূহৰ সঠিক ব্যৱহাৰ হয়।
Ø নতুন চিন্তাশীল
প্ৰকল্প আৰু পদক্ষেপৰ জৰিয়তে গ্ৰামাঞ্চলক আগুৱাই নিয়া
Ø জনগোষ্ঠীয়
প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি দি সম্প্ৰদায়সমূহৰ সামাজিক,
অৰ্থনৈতিক আৰু
পৰিৱেশগত উন্নয়নক লাভান্বিত কৰাৰ বাবে কাৰ্যসূচীৰ বিকাশ কৰা তথা সামাজিক
দায়বদ্ধতাক আগুৱাই নিয়াৰ লগতে প্ৰয়োজনত সহায়-সহযোগিতা আগবঢ়োৱা
Ø গ্ৰামাঞ্চলত
কম্পিউটাৰ শিক্ষকক উদগনি দিয়া তথা প্ৰয়োজনত কম্পিউটা শিক্ষা কেন্দ্ৰ প্ৰতিষ্ঠা
কৰা।
Ø অক্ষম ব্যক্তিসকলক
যথাসম্ভৱ স্বাধীন চেতীয়াকৈ জীৱন যাপন কৰিবলৈ আৰু তেওঁলোকক সমাজৰ লগত নিবিড় সম্বন্ধ
বজাই ৰখাৰ সামৰ্থ আৰু ক্ষমতা প্ৰদান কৰাৰ বাবে কাম কৰা।
Ø গাৰ্হস্থ্য হিংসা তথা
অন্যান্য সামাজিক বিপৰ্য্যয়ৰ সন্মুখীন হোৱা মহিলাক সংস্থাপনৰ ব্যৱস্থা কৰা।
ন্যাসৰ নিয়মাৱলী
ন্যাসত মানি
চলিবলগীয়া নিয়মাৱলীখিনি তলত বিতংকৈ উল্লেখ কৰা হ'ল । কিন্তু এইটোও ঠিক যে সময়, প্ৰয়োজনীয়তা তথা ক্ষেত্ৰ সাপেক্ষে এই নিয়মাৱলীৰ সংশোধনৰ ব্যৱস্থাও
কৰা হব।
Ø ৰাজনৈতিক উদ্দেশ্যে
প্ৰণোদিত বা সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিব পৰা যিকোনো কাৰ্যকলাপ ন্যাসৰ নীতিৰ
বিৰুদ্ধ।
Ø বে আইনী বা ৰাষ্ট্ৰদ্ৰোহী কাৰ্যকলাপ ন্যাসৰ নীতিৰ বিৰুদ্ধ।
Ø ন্যাসৰ ফালৰ পৰা কোনো
লোকক সহায় কৰিলে কোনেও তাৰ ফটো ল'ব নোৱাৰিব,যদিও বা কিবা কাৰনে লোৱা হয় তাৰ প্ৰচাৰ অফ লাইন বা আন লাইন
কতো কৰিব নোৱাৰিব কিন্তু ন্যাসৰ কমপক্ষেও তিনিজন প্ৰাথমিক সদস্য আপোনাৰ কৰ্মৰ
সাক্ষী হ'ব লাগিব।
Ø ন্যাসৰ সকলো সতীৰ্থ
একোটা পৰিয়ালৰ দৰে, গতিকে প্ৰতিজন সদস্যই প্ৰতিজনকে মান্যতা প্ৰদান কৰি মন্তব্য
দিয়াৰ বাবে দায়বদ্ধ হ'ব লাগিব।
Ø আপোনাৰ পৰামৰ্শ
ন্যাসৰ বাবে অতি আৱশ্যকীয়। গতিকে ন্যাসৰ উত্তৰোত্তৰ কামনাৰে দিয়া আপোনাৰ প্ৰতিটো
পৰামৰ্শক ন্যাসৰ মজিয়াত বিবেচনা কৰা কৰা হব।
ন্যাসৰ পৰিচালনা কমিটি
Ø ন্যাসৰ পৰিচালনা ৪১ জনীয়া পৰিচালনা সমিতি ওপৰত নিহিত হ’ব
Ø মুখ্য পৃষ্ঠপোষক,পৃষ্ঠপোষক,মূখ্য উপদেষ্টা,উপদেষ্টা তথা কাৰ্যকৰী কমিটিৰ বাকী সদস্য সকল ন্যাসৰ পৰিচালনা সমিতিৰ সদস্য হ'ব।
Ø মুখ্য পৃষ্ঠপোষক,পৃষ্ঠপোষক, মূখ্য উপদেষ্টা,উপদেষ্টা উপদেষ্টা ন্যাসৰ আজীৱন সদস্য হ'ব।
ন্যাসৰ কাৰ্যকৰী কমিটি
Ø ন্যাসৰ কাম-কাজ
পৰিচালনা কৰিবলৈ ন্যাসৰ প্ৰাথমিক সদস্য সকলৰ মাজৰ পৰা গনতান্ত্ৰিক পদ্ধতিৰে এক
কাৰ্যকৰী কমিটি গঠন কৰা হ'ব
Ø প্ৰতিজন প্ৰাথমিক
সদস্যই কাৰ্যকৰী কমিটিৰ নিৰ্বাচনত অংশ গ্ৰহন কৰিব পাৰিব যদিহে তেওঁ স্নাতক
ডিগ্ৰীধাৰী হয়।
Ø ‘A leader is one who knows the way, goes
the way, and shows the way. এনেকুৱা নেতা গঢ় লোৱা বা পোৱাটো সমাজৰ বাবেই সৌভাগ্যৰ কথা।
প্ৰকৃত নেতাই সহযোগী সকলক সময়মতে প্ৰশিক্ষণ দি ভৰসাযোগ্য সাৰথিৰ সৃষ্টি কৰি লয় আৰু
এনে সুযোগ্য দ্বিতীয় লাইনৰ নেতা সৃষ্টিৰ সক্ষমতাকো শীৰ্ষনেতাৰ এক গুণ বুলিয়েই
আখ্যা দিব পাৰি। ন্যাসৰ সদস্য সকল উক্ত মতবাদৰ বিশ্বাসী সেয়েহে এজন উপ
সভাপতি,সহকৰী সাংস্কৃতিক সম্পাদক,
সহকৰী সম্পাদক,সহকৰী আলোচনী সম্পাদক,সহকৰী সাংগঠনিক সম্পাদক পদত
নূন্যতম নৱম শ্ৰেণীত পঢ়ি থকা কোনো আগ্ৰহী তথা যোগ্য ছাত্ৰ-ছাত্ৰী য়ে অংশ গ্ৰহন কৰিব
পাৰিব
Ø কাৰ্যকৰী কমিটিৰ
সদস্য সকলৰ কাৰ্যকাল ২ বছৰ হ'ব
Ø কাৰ্যকৰী কমিটিৰ
নিৰ্বাচনত একেটা পদত কোনেও একে লাহে তিন বাৰতকৈ বেছি প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব
কাৰন ন্যাস দিনক দিনে এমুঠিমান লোকৰ নিয়ন্ত্ৰণলৈ গুচি গ'লে নেতৃত্ব লোৱা সকলৰ মাজতে একনায়কত্ববাদী মনোভাৱ গঢ়ি উঠিব
যাৰ ফলত যি প্ৰকৃত লক্ষ্য উদ্দেশ্যৰে ন্যাসৰ গঠন হৈছিল, সেই সামাজিক ভূমিকা পালন কৰাৰ পথৰ পৰা ন্যাস ক্ৰমাত
বিচ্ছুৰিত হ'ব।
Ø ন্যাসৰ পৰিচালনা
কমিটিৰ প্ৰতিজন সদস্যৰ সমান অধিকাৰ থাকিব
Ø যিকোনো সদস্যই
কাৰ্যকৰী কমিটিৰ সভাপতি আৰু সাধাৰণ সম্পাদকক লিখিতভাৱে জনাই ন্যাসৰ পৰা অৱসৰ ল’ব
পাৰে আৰু ন্যাসৰ পৰিচালনা কমিটিৰ কোনো সদস্যই অৱসৰ লৱ হ'লে মুখ্য পৃষ্ঠপোষক,পৃষ্ঠপোষক, মূখ্য উপদেষ্টা, উপদেষ্টাৰ পৰা যিকোনো তিনিজনক
লিখিতভাৱে জনাই ন্যাসৰ পৰা অৱসৰ ল’ব পাৰে
Ø চাৰি মাহত অন্ততঃ
এবাৰ কাৰ্যকৰী কমিটিৰ বৈঠক আৰু ছয় মাহতঅন্ততঃ এবাৰ ন্যাসৰ পৰিচালনা কমিটিৰ বৈঠক
হ’ব লাগিব এনে সভাৰ বাবে সভাপতি তথা সম্পদকে তাৰিখ,
স্থান আৰু সময়
নিৰ্ধাৰণ কৰিব।
Ø কোনো বিষয়ত ন্যাসৰ
পৰিচালনা কমিটিৰ মাজত কোনো ধৰণৰ মতানৈক্য হ’লে সংখ্যাগৰিষ্ঠৰ মতামত প্ৰধান হ’ব।
Ø যদি ন্যাসৰ কাৰ্যকৰী
কমিটিৰ কোনো এজনৰ মৃত্যু হয় বা অন্য কোনো কাৰণত খালী পদৰ সৃষ্টি হয়, তেন্তে ন্যাসৰ মুখ্য পৃষ্ঠপোষক,পৃষ্ঠপোষক, মূখ্য উপদেষ্টা,উপদেষ্টাৰ মাজৰ পৰা ন্যাসৰ পৰিচালনা কমিটিৰ সিদ্ধান্ত মৰ্মে
আন এজন নিৰ্বাচিত নোহোৱালৈকে সেই পদত কাৰ্য্যনিৰ্বাহ কৰিব
Ø কিবা কাৰনত কোনো সভা
স্থগিত হলে সভাসমূহ একে ঠাইতে দুঘণ্টাৰ পিছত বা ২ দিনৰ ভিতৰত পাতিব পাৰিব
Ø কাৰ্যকৰী কমিটিত ন্যাসৰ কাম-কাজৰ পৰ্যালোচনা কৰা
হ’ব আৰু কাম-কাজৰ খতিয়ান ন্যাসৰ পৰিচালনা কমিটিৰ সন্মূখত উপস্থাপন কৰা হ'ব
Ø কাৰ্যকৰী কমিটিৰ
বৈঠকৰ বাবে জাননীৰ সময়সীমা কমেও ১২ দিন হ’ব
Ø বিশেষ সভা/
জৰুৰীকালীন সভাৰ বৈঠকৰ বাবে জাননীৰ সময়সীমা ২ দিন হলেও হব
Ø সকলো সভাৰ বাবে জাননী
হাতেৰে বা ইমেইল বা এছ এছ এছ দ্বাৰা লিখিতভাৱে প্ৰেৰণ কৰা হ’ব
বাৰ্ষিক সাধাৰণ সভা
Ø পৰিচালনা কমিটিৰ ২/৩ সদস্যই
তাৰিখ, স্থান আৰু সময় নিৰ্ধাৰণ কৰিব।
Ø বাৰ্ষিক সাধাৰণ সভা প্ৰতিষ্ঠা দিৱফৰ দিনা দুদিনীয়া কাৰ্যসূচীৰে
পালন কৰা হ'ব অৱশ্যে বিশেষ সভা
প্ৰয়োজন অনুসৰি
যিকোনো সময়তে মাতিব পাৰি।
Ø সাধাৰণ সংস্থাৰ বৈঠকৰ
বাবে মুঠ সদস্যৰ ২/৩ ভাগ হ’ব উপস্থিত থাকিব লাগিব
Ø সকলো সদস্যই সকলো
বাৰ্ষিক আৰু বিশেষ সাধাৰণ সভাবোৰৰ জাননী লাভ কৰাৰ অধিকাৰ থাকিব
Ø সময়ে সময়ে নিৰ্ধাৰণ
কৰা নিয়ম , বিধি
আৰু উদ্দেশ্যসমূহৰ সংশোধন সাধাৰণ সভাত কৰা হ'ব
Ø ন্যাসৰ কাম-কাজৰ
সন্দৰ্ভত উপ-বিধি প্ৰণয়নৰ ক্ষমতা সাধাৰণ সভাৰ থাকিব আৰু এই উপ-বিধিসমূহ ২/৩
সংখ্যাগৰিষ্ঠতাৰে বাতিল, সংশোধন আৰু পৰিৱৰ্তন কৰিব পাৰিব
Ø ন্যাসৰ বাৰ্ষিক
কাৰ্য্য পৰিকল্পনা দাখিল তথা গ্ৰহনৰ প্ৰস্তাৱ সমূহ হ’ব সাধাৰণ সংস্থাৰ বৈঠকতে লোৱা হ'ব।
উপ-সমিতি
Ø প্ৰয়োজন অনুসৰি ন্যাসৰ
কাৰ্যকৰী কমিটি প্ৰয়োজন অনুসৰি সন্মানীয় প্ৰাথমিক সদস্য সকলৰ মাজৰ পৰা সঠিক আৰু
কাৰ্যক্ষম কামৰ বাবে আৰু তাৰ বাবে নিয়ম বা বিধি প্ৰস্তুত কৰা যিকোনো ক্ষমতা কোনো
উপ-সমিতিক অৰ্পণ কৰিব পাৰে।
Ø উপ-সমিতিৰ কার্যকাল ১ বছৰৰ বাবে হ’ব।
শেষত সকলো সতীৰ্থকে
সন্মান জনাই কওঁ - আহক সতীৰ্থ সকল আমি আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ প্ৰকৃত লক্ষ্য আৰু
উদ্দেশ্যবোৰ সফল কৰাত অৰিহণা যোগাওঁ যিয়ে এক সুন্দৰ মানৱ সমাজ গঢ়ি তুলিব।

No comments