নৱ তৰঙ্গ

  ঙ্গ



অসমৰ উঠি অহা লেখক-লেখিকা আৰু পাঠক- পাঠিকাসকলৰ বাবে নিজৰ মনৰ ভাৱ প্ৰকাশৰ এক অনলাইন সামাজিক যোগাযোগ মঞ্চ। যিকোনো যুৱ সাহিত্যিক যিয়ে লিখিব বিচাৰে, যিয়ে নিজকে লেখক হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে - তেওঁ সদায় বাধাৰ সন্মুখীন হয়। প্ৰতিষ্ঠিত লেখক-লেখিকাৰ লেখাৰ ভিৰত নতুন লেখক-লেখিকাৰ লেখা প্ৰকাশৰ স্থান বিচাৰি নাপায়। এনেকৈ পেক্ষা কৰি থাকোঁতে উদীয়মান লেখক-লেখিকা সকলে প্ৰেৰণা হেৰুৱাই পেলাই। বৰ্তমান তথ্য প্ৰযুক্তিৰ যুগত এই বাধা বহু পৰিমাণে দূৰ কৰিব পৰা যায়। ইণ্টাৰনেট আৰু ৱেব প্ৰযুক্তিয়ে হাজাৰ হাজাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে, বিভিন্ন বাধা আঁতৰাই পেলাইছে। এই প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি নৱ তৰঙ্গ  নিজৰ প্ৰচেষ্টাৰে লেখক আৰু পাঠকৰ ওচৰলৈ আহিছে।

নৱ তৰঙ্গ আলোচনী খন আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ উদ্যোগত তথা অসমীয়া জাতি আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি উত্‍সৰ্গিত কিছু স্বেচ্ছাসেৱী ভাষাপ্ৰেমী অসমীয়াৰ সহযোগত “ইণ্টাৰনেট”ত প্ৰকাশ কৰাৰ দিশা কৰা হৈছে। অসমীয়া ভাষা-সাংস্কৃতিক প্ৰযুক্তিৰ মাধ্যমেৰে উপস্থাপন কৰি সমগ্ৰ বিশ্বতে অসমীয়া ভাষা-সাংস্কৃতিবিষয়ে বিশ্ববাসীক অৱগত কৰাৰ উদ্দেশ্যে নৱ তৰঙ্গ আলোচনীখন প্রতি সপ্তাহত গল্প-কবিতা লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হব। প্রতি সপ্তাহৰ প্ৰথম দিনাই [সোমবাৰে়] লিখাৰ বিষয়বস্তু ঘোষণা কৰা হ প্রতি সপ্তাহৰ শুক্ৰবাৰে দুপৰীয়া ১ বজালৈকে অনলাইন যোগে গ্ৰহণ কৰা হ লেখাবোৰ পাঠকৰ বাবে প্রতি সপ্তাহৰ শুক্ৰবাৰে ৰাতি৮ বজাৰ পিছত অনলাইন যোগে মুকলি কৰি দিয়া হ পাঠকৰ ভিউ তথা বিচাৰক মণ্ডলী মূল্যায়ন যোগ কৰি চূড়ান্ত ফলাফল প্ৰকাশ কৰা হব। প্রতি সপ্তাহত মুঠ ৬ জন ব্যক্তিক বঁটা প্ৰদান কৰা , গল্প আৰু কবিতা দুটা শাখাত ৩ জনকৈ ব্যক্তিক বঁটা প্ৰদান কৰা দুয়োটা শাখাৰ প্ৰথম পুৰস্কাৰৰ প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰ বণ্ড ১০১ টকা, দ্বিতীয় পুৰস্কাৰৰ প্ৰমাণ পত্ৰ আৰু ৫১ টকা আৰু তৃতীয় পুৰস্কাৰৰ প্ৰমাণ পত্ৰ আৰু ৩১ টকা এজন পাঠকে গল্প বা কবিতা পঢ়ি সহজেই নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব; লেখক অনুপ্ৰাণিত কৰিব পাৰিব, গঠনমূলক সমালোচনাই তেওঁৰ লেখাক সমৃদ্ধ কৰি তুলি

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.