গল্প/কবিতা লিখা প্ৰতিযোগিতাৰ নিয়মাবালী
গল্প/কবিতা লিখা প্ৰতিযোগিতাৰ নিয়মাবালী
১. গল্প/ কবিতাটো চলিত সপ্তাহৰ বাবে উল্লেখ কৰা বিষয়টোৰ
ওপৰত হ'ব লাগিব ।
২. প্ৰতিটো ৰচনা ৩০০০ শব্দতকৈ বেছি হ’ব
নালাগে।
৩. এই লেখাটো আপোনাৰ নিজৰ
হ’ব লাগিব আৰু আন ঠাইত অপ্ৰকাশিত হ’ব লাগিব। এই সন্দৰ্ভত যদি কোনো অভিযোগ পোৱা
যায়, তেন্তে নৱ তৰঙ্গ কৰ্তৃপক্ষৰ সিদ্ধান্ত
চূড়ান্ত বুলি গণ্য কৰা হ’ব।
৪. লেখা দাখিলৰ অন্তিম সময় প্রতি সপ্তাহৰ
শুক্ৰবাৰে দুপৰীয়া ১ বজালৈকে
৫) এজন লেখকে এটা সংখ্যাত
সৰ্বাধিক ২ টা লেখা দাখিল কৰিব পাৰিব, ১ টাতকৈ অধিক গল্প বা ১টাতকৈ
অধিক কবিতা দিব নোৱাৰিব।
৬ প্রতি সপ্তাহৰ
প্ৰথম দিনাই [সোমবাৰে়] লিখাৰ বিষয়বস্তু ঘোষণা
কৰা হব।
প্রতি সপ্তাহৰ
শুক্ৰবাৰে দুপৰীয়া ১ বজালৈকে অনলাইন যোগে লেখা জমা দিব পাৰিব আৰু লেখাবোৰ পাঠকৰ বাবে প্রতি সপ্তাহৰ
শুক্ৰবাৰে ৰাতি ৮ বজাৰ পিছত অনলাইন যোগে মুকলি কৰি দিয়া হব।
৭) গল্প আৰু কবিতাৰ বাবে
সুকীয়াকৈ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
৮) গল্প/কবিতাৰ ওপৰত পাঠকৰ ভিউৰ ওপৰত ৫০ পইণ্ট আৰু বিচাৰক মণ্ডলীৰ ৫০ পইণ্টৰ ভিত্তিত প্ৰতিটো
গল্প আৰু কবিতাৰ মূল্যায়ন কৰিব। মূল্যায়নৰ সময়ত বিচাৰক মণ্ডলীয়ে লেখক-লেখিকাৰ নাম গম নাপাব।
৯) পাঠকৰ ভিউ তথা বিচাৰক মণ্ডলীৰ মূল্যায়ন যোগ কৰি চূড়ান্ত ফলাফল প্ৰকাশ কৰা হব।
১০) শুক্ৰবাৰে ৰাতি ৮ বজাৰ পিছৰ পৰা সোমবাৰে় ৰাতি ৮ বজাৰ ভিউ গ্ৰহনযোগ্য হব।
১১) গল্প শাখাত ৩ জন আৰু কবিতা
শাখাত ৩ জন লোকক মুঠ ৬ জনক বিজয়ী হিচাপে পুৰস্কৃত কৰা হব।
১২) দুয়োটা শাখাৰ প্ৰথম
বিজয়ীক প্ৰথম পুৰস্কাৰৰ প্ৰমাণ
পত্ৰ আৰু পুৰস্কাৰ বণ্ড ১০১ টকা, দ্বিতীয় বিজয়ীক দ্বিতীয়
পুৰস্কাৰৰ প্ৰমাণ পত্ৰ আৰু ৫১ টকা আৰু তৃতীয় বিজয়ীক তৃতীয়
পুৰস্কাৰৰ প্ৰমাণ পত্ৰ আৰু ৩১ টকা প্ৰদান কৰা হ'ব।
১৩) প্ৰতি সোমবাৰে় ৰাতি ৮ বজাৰ পিছত চূড়ান্ত ফলাফল প্ৰকাশ কৰা হব।

No comments