মেৰু বিভাজনৰ ৰাজনীতি আৰু আজান পীৰৰ প্ৰাসঙ্গিকতা

 

মেৰু বিভাজনৰ ৰাজনীতি আৰু আজান পীৰৰ  প্ৰাসঙ্গিকতা  

ব্ৰজেন জীৱন  

    সম্প্ৰতি অসমত মেৰু বিভাজনৰ  ৰাজনীতিৰ ঢৌ তু্ংগত উঠিছে। কোনোৱে এই মেৰুকৰণ ৰাজনীতিৰে গাদী দখলৰ বৈতৰণি পাৰ হোৱা কথা ভাবিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্যটো অসমীয়া আৰু মিঞা বিভাজনৰ ৰাজনীতিৰ গোন্ধ পোৱা গৈছে। অসমীয়া শব্দটোৰ ভাঙনি দিবলৈ গৈ চতুৰ ৰাজনৈতিক নেতা বদৰুদ্দিন আজমল চাহাবে ভোটবেংক স্থায়ী কৰাৰ সপোন দেখি বিপদত পৰা উপক্ৰম হৈছে ।  এনে ৰাজনীতি দেখি কোনোৱে সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ আশংকা কৰিছে। অসমত কোনো যাতে সাম্প্ৰদায়িক সংঘৰ্ষ নহয় তাৰ প্ৰতি আমি প্ৰতিজন অসমীয়া সজাগ থাকিব লাগিব। আমি তাহানিৰ শংকৰদেৱ আৰু আজান পীৰৰ মতাদৰ্শক সন্মান কৰি হিন্দু -মুছলিম ভাই ভাই সংকল্পৰে জীৱন জিয়াব লাগিব। সম্প্ৰীতিৰ সমন্বয়ক আজান পীৰৰ প্ৰাসঙ্গিকতা আজি পুনৰ আলোচনাত ঠাই পোৱাতো নুই কৰিব নোৱাৰি।‌ 

    সাত সাগৰ তেৰ নদী পাৰ হৈ অসমলৈ অহা আজান পীৰ কেৱল ইছলাম ধৰ্ম প্ৰচাৰকেই নাছিল। আজান পীৰে জিকিৰ আৰু জাৰী ৰচনা কৰি সম্প্ৰীতিৰ এনাজৰীৰে আধ্যাত্মিক ৰস বিয়পোৱাৰ উদেশ্যে অসমৰ অসমৰ গাঁৱে-ভূঞ ঘূৰি ফুৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ হৰিনামৰ প্ৰতি আকৰ্ষিত হৈ জিকিৰ সমূহত সাৰ্বজনীন আবেদনৰ লগতে সমন্বয়ৰ বাৰ্তা দিয়াৰ অহোপুৰুষাৰ্থ কৰিছিল।বৈষয়িক ভোগ বিলাসৰ ফালে পিঠি দি কেৱল নৈতিকতাসম্পন্ন আৰু ভ্ৰষ্টাচাৰবিহীন সমন্বয়ৰ এখন সমাজ গঢ়াৰ লক্ষ্য আজান পীৰে বুকুত বান্ধি ৰাখিছিল। আজান পীৰ যাক বহুতে আজান ফকীৰ বুলি জানে সেইজনাৰ আদৰ্শ আজি প্ৰাসঙ্গিক হৈ পৰিছে। আজান পীৰে অসমৰ মানুহক নামঘৰ আৰু মছজিদৰ সাদৃশ্য উপলব্ধি কৰাই সেই নাম-প্ৰসঙ্গক জিকিৰ আৰু জাৰীৰ বাবে উপযুক্ত বুলি পতিয়ন নিয়াবলৈ সক্ষম হৈছিল। হিন্দু সমাজত মাহ-প্ৰসাদ বিতৰণৰ ব্যৱস্থাটোক মুছলমান সমাজৰ 'চিৰিণী' বিতৰণৰ সৈতে একে শাৰীতে ৰাখি প্ৰথমবাৰৰ বাবে অসমৰ মানুহক বৈষ্ণৱ ধৰ্ম আৰু ইছলাম ধৰ্মৰ কাম-কাজৰ আৰ্হি প্ৰায় একে বুলি উপলব্ধি কৰাইছিল। আজান পীৰে অসমৰ মানুহক ধৰ্মীয় সংকীৰ্ণতাৰ বিপৰীতে মানৱীয় উদাৰতাৰে সকলোকে ওচৰ চাপি আহিবলৈ অনুৰোধ কৰিছিল। সেইজনা আজানপীৰক অকণমান অজুহাততে চকু কাঢ়িবলৈ ৰূপাই দা-ধৰাই আগ-পাছ নুগুণী তলতীয়া সৈন্যক আদেশ দিছিল। ৰূপাই দা-ধৰাই ভয় খাইছিল যে আজান চাহেবৰ সংস্কাৰে হয়তো সৰ্বসাধাৰণ মুছলমানৰ সন্মুখত ৰূপাইৰ প্ৰকৃত স্বৰূপ উদঙাই দিব। সেয়ে হয়তো আজান চাহেবক এনে শাস্তি বিহা হৈছিল। 

    ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কৈছিল - "ধৰ্ম‌ই মানুহক ভাগ ভাগ কৰিলেও সি কেতিয়াও ধৰ্ম হৈ নাথাকে। ' 

সেয়েহে সন্ত, মহন্ত, আউলিয়া আৰু পীৰ সকলে গাইছিল -

" মোৰ মনত আন ভাৱ নাই ঔ আল্লা 

মোৰ মনত নাই আন ভাৱ। 

হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান,

আখেৰত একে আল্লাৰ নাম।।"

    মুঠতে ঐক্য আৰু সম্প্ৰীতিৰ দূত আছিল আজান পীৰ। শংকৰ আজানৰ দেশত মেৰু বিভাজনৰ ৰাজনীতিৰ পোষকতা প্ৰকৃত অসমীয়াই কাহানিও কৰা নাই আৰু কাহানিও কৰা উচিত নহয়।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.