নাৰী
নাৰী
অনন্ত কুমাৰ ভূঞা
তুমি নাৰী নগৰবধু আম্ৰপালী
শান্ত সৌম্য গজগামীনি গৃহ নন্দিনী
তুমি স্ৰোতস্বীনি প্ৰবাহিত এখনি নদী
আবেগ মিশ্ৰিত বন্দনাৰ তেজশ্ৰী ৰাগিণী
তুমি ৰাজতিলক পিন্ধা বীৰাংগনা
সৃষ্টিৰ কামনা বিভুষীতাৰে অলংকিতা
আলসুৱা মৰম আকলুৱা স্নিগ্ধতা
বিমৰ্ষ হৰ্ষ বিষাদিনী মোহময়ী হাস্যময়ী
কুকিল কণ্ঠি প্ৰজ্ঞা সুন্দৰী সন্মোহিতা নাৰী
চন্দ্ৰমুখী যোগমায়া অশ্ৰু নয়না ৰূপাংকিতা।
********************************************************************************************************

No comments