আলিফ ইউনিয়ন ফাউণ্ডেশ্যন

 




মান্যবৰেষু,

নমস্কাৰ গ্রহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে শিক্ষাক সামাজিক পৰিৱৰ্তনৰ এটা সঁজুলি হিচাপে ব্যৱহাৰ কৰি গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত উচ্চ প্ৰতিয়োগিতামূলক মনোভাব গঢ়ি তোলা তথা গ্ৰাম্য অঞ্চলত ক্ৰীড়াপ্ৰেমী যুৱক-যুৱতীসকলৰ ক্ৰীড়াত এক সৃষ্টিশীল পৰিৱেশ গঢ়ি তুলি সামাজিক দায়বদ্ধতাক আগুৱাই নি এখন সুস্থ, যোগাত্মক, সুস্থিৰ, সৱল তথা নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে গঠন কৰা আলিফ ইউনিয়ন ফাউণ্ডেশ্যনে পঞ্চম বর্ষত ভৰি দিব।
আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ পঞ্চম বৰ্ষটো এখন ড্ৰাগছ মুক্ত সুস্থ সৱল সমাজ গঢ়াৰ উদ্দেশ্যে অর্পিত। তাৰ বাবে আলিফ ইউনিয়ন ফাউণ্ডেশ্যনে ‘ড্ৰাগছ মুক্ত আমাৰ গাঁও’ নামেৰে এক অভিযান চলাই আছে। উক্ত অভিযানত অসমৰ বিশিষ্ট ব্যক্তিৰ সকলৰ দ্বাৰা চমু ভিডিঅৰ যুগে ড্ৰাগছৰ ব্যৱহাৰৰ অপকাৰিতাৰ ওপৰত আলোক পাত কৰাৰ চেষ্টা কৰা হৈছে। এই ভিডিঅসমূহ আমি ‘ড্ৰাগছ মুক্ত আমাৰ গাঁও’ অভিযানত প্রদর্শন কৰিম। উক্ত অভিযানৰ অংশ হিচাপে তলত দিয়া প্ৰতিযোগিতাসমূহও অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে ।
১. অণু গল্প / চুটি গল্প
২. কবিতা
৩. প্ৰৱন্ধ
৪. ৰস ৰচনা
৫. গল্প
৬. ৰচনা
এই প্ৰত্ৰৰ দ্বাৰাই উক্ত অভিযান তথা উক্ত অভিযানৰ অংশ হিচাপে অনুষ্ঠিত কৰা প্ৰতিযোগিতাসমূহত অংশ গ্ৰহন কৰিবলৈ আপোনাক সাদৰ নিমন্ত্ৰণ জনালোঁ। উক্ত অভিযানত আপোনাৰ সঁহাৰি তথা গঠনমূলক দিহা পৰামৰ্শ সর্বজনকে উপকৃত কৰিব।
আহক আমি আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ ‘ড্ৰাগছ মুক্ত আমাৰ গাওঁ’ নামৰ এই প্ৰচেষ্টাক সফল কৰোঁ আৰু ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হও।
আহক এক নতুন ঢৌ একেলগে আৰম্ভ কৰোঁ ।
প্ৰতিযোগিতাৰ নিয়মাবলী:-
১. অণু গল্প / চুটি গল্প , কবিতা , প্ৰৱন্ধ , ৰস ৰচনা , গল্প তথা ৰচনাৰ বিষয় বস্তু মাদক দ্ৰব্যৰ ওপৰত হব লাগিব ।
২. আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
৩. লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷
৪, আমালৈ পঠিওৱা লেখাসমূহৰ পৰা পুৰস্কাৰ প্ৰাপ্ত লেখাসমূহ আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰথম বাৰৰ বাবে প্ৰকাশ হব লগীয়া আলোচনী ‘নৱ তৰঙ্গত’ প্রকাশ কৰা হব।
৫.আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ দ্বাৰা গঠিত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব।
৬. লেখাসমূহ প্ৰেৰণৰ অন্তিম সময় ২৫ অক্টোবৰ সন্ধিয়া ৮ বজালৈকে ।
৭.প্ৰতিযোগিতাখনৰ ফলাফল ১২ নৱেম্বৰত ঘোষণা কৰা হ'ব।
৮. লেখাসমূহ আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ কাৰ্যালয়ৰ নম্বৰ ৯৩৯৫৫৭০৮৪৮ ত WhatsApp যোগে বা ফাউণ্ডেশ্যনৰ Email - alifffoundation2021@gmail.com ত পঠাব লাগিব ।
প্ৰথম বিজয়ী - নগদ ১৫৫১ টকা,মান পত্র, স্মাৰক, কিতাপৰ টোপোলা ।
দ্বিতীয় বিজয়ী -নগদ ১০৫১ টকা,মান পত্র, স্মাৰক, কিতাপৰ টোপোলা ।
তৃতীয় বিজয়ী - নগদ ৫৫১ টকা,মান পত্র, স্মাৰক, কিতাপৰ টোপোলা ।
বি:দ্ৰ:
১. প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ী পুৰষ্কাৰ সমূহৰ বাহিৰেও প্ৰত্যেক বিভাগত পাঁচটাকৈ নিচুকনি বঁটা প্ৰদান কৰা হব ।
২.বঁটা সমূহ আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ দুদিনিয়া কৈ অনুষ্ঠিত হব লগা বাৰ্ষিক অধিবেশনত প্ৰদান কৰা হব।

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.