ব্যৱধান
ব্যৱধান
সময় আৰু পৰিস্থিতি সাপেক্ষে
হয়তো বহুত সলনি হৈছোঁ
আনে ক'লে বা বুজালেও
সৰু কালৰ মইজনী কেতিয়াও
হৈ থকা নাই এতিয়া।
সৰুতে বাস কৰা মোৰ
সৰু জগতখনেই ভাল আছিল
এতিয়া বয়স বৃদ্ধিৰ লগে লগে
ডাঙৰ হৈ আহিছোঁ বহু ভাল লগা
ল'ৰালি কালৰ স্মৃতি বুকুত সামৰি ।
সেই সময়বোৰ মাথোঁ এবাৰেই আছিল
বৰ্তমানৰ সময়বোৰ বৰ কঠিন
জীৱনৰ প্ৰতিটো খোজতে
আগুৱাই যাবলৈ বহুত কষ্ট হয়
এসময়ত সমস্যা কি বুজি নাপাইছিলো
আৰু এতিয়া প্ৰতি মূহুৰ্তে
সমস্যাৰ সৈতে যুঁজি আহিছোঁ
তাহানিৰ দৰেই প্ৰাণখোলা
হাঁহিটি আজিও ওঁঠত জিলিকি আছে
মাথোঁ এই হাঁহি কেতিয়াবা
মিছা আভৰণৰ হয় অ ।
সহিবলগীয়া হয় আৰু সহ্য
কৰিবলগীয়া হয় কিছুমান কথা
যুক্তিকৰ নোহোৱা কাৰণবোৰো
বিনা প্ৰতিবাদে আকোঁৱালি
লবলগীয়া হয় এতিয়া
অনুশূচনা হয় ল'ৰালি কালটোক লৈ
যদিওবা বিচাৰিলেও পুনৰ
সেই মধুৰ সময়বোৰ ঘূৰাই নাপাওঁ
বহুত ব্যৱধান আহি গ'ল এতিয়া।
দিপশিখা ৰাজকোঁৱৰ!

No comments