মাদকদ্ৰব্য
মাদকদ্ৰব্য
মাদকাসক্তি বিশ্বৰ ভয়াবহ সমস্যা
সকলো প্ৰজন্মৰ মৰণ অনা নিচা
আসক্তিৰ ফলত জীৱন হেৰায়
অন্ধকাৰ গাঁতৰ পিনে জীৱন যায়।
সমস্যা বেছি হয় নিৰক্ষৰৰ মাজত
নুবুজে নুশুনে কোনটো যুক্তিসংগত
নাৰীবোৰক কৰে ভোগৰ পণ্য
উদ্দাম উচ্ছৃঙ্খলতাত হৈ যায় বন্য।
হে অনাগত ভৱিষ্যতৰ দেশৰ ধৰণী
বুজা, ডুবিব লৈছে প্ৰগতিৰ তৰণী
কঁকালত টঙালি বান্ধিবৰ হ'ল
নহ'লে যে অসম ৰসাতলে গ'ল।
মাদকাসক্তি যে ভয়াবহ বৰবিহ
বিয়পিছে চৌদিশে নাই উৱাদিহ
কতজনে মৰণ সাবটি হ'ল ধ্বংস
পৰিয়াল জাহ গ'ল নাশ কত বংশ।
যুৱচামৰ বাঢ়িছে নিচাৰ আসক্তি
নিস্তেজ দুৰ্বল মন নাই দেহৰ শক্তি
একে বাটে বাট বুলিছে আদহীয়া
মৰম চেনেহ দায়িত্ব হ'ল নাইকীয়া।
আওমৰণে মৰিছে কত হেজাৰজন
দেশৰ শক্তি কিদৰে ধৰি উঠিব ঠন
সুস্থ মগজে কৰা দেশৰ শুভ চিন্তা
সুকুমাৰ কলাৰে লোৱা সুন্দৰ পন্থা।
মদ, ভাং, ড্ৰাগছ আৰু ডেনড্ৰাইট
তাৰ বিৰুদ্ধে কৰা সমৱেত ফাইট
বচোৱা পৰিয়াল বচোৱা সমাজ
ই ব্যাধি নাশৰ লোৱা মহান কাজ।
সৃষ্টি হওক যোগ্যভোগ্য বসুন্ধৰা
মুক্ত গগন তলত মুক্ত জীৱনধাৰা
যুৱ উচ্ছৃঙ্খলতা হওক সমূলে নাশ
সকলোৱে লওক মুকলিকৈ শ্বাস।
হে নৱশক্তিৰ তৰুণ সেনাৰ দল
একতাৰে ভৱিষ্যত কৰা উজ্জ্বল
পুত্ৰৰ হাতত বধ নহয় কোনো পিতৃ
বুকু চাপৰি নাকান্দিব কোনাে মাতৃ।
মাদকাসক্তি কৰা সমূলে উছন
দেশৰ ভৱিষ্যত গঢ়াৰ লোৱা পণ ।
মানসিকতাবোৰ আমি সলাবৰ হ'ল
নহ'লে যে অসম ৰসাতলে গ'ল !
সুস্থ মগজেহে কৰে সুস্থ চিন্তা
এনেবোৰ দিশলৈ সকলোৱে লক্ষ্য ৰাখিবা !
মদৰ সলনি ভালপোৱা সুকুমাৰ কলা
অসমত কমোৱা মাদকদ্ৰব্যৰ চাহিদা !
মাদকদ্ৰব্য নহয়
ই যেন অভিশপ্ত প্ৰেতাত্মা !
হে জনগণ,মাদকদ্ৰব্যৰ সলনি
বিচাৰি লোৱা যদি সুকুমাৰ কলা
দয়াশীল মনোভাৱ যদিহে গঢ়ি লোৱা
আবেগক সংযত কৰি ৰাখিবলৈ শিকা !
সৃষ্টিশীল কৰ্মৰ চিন্তা চৰ্চা কৰা
বদ্অভ্যাস,বদ্চিন্তা সকলো ত্যাগ কৰা
সৎকৰ্মই দিব তোমাক অণুপ্ৰেৰণা
সেইবাবেই লাগিব তীব্ৰ প্ৰচেষ্টা !
সমাজৰ বুদ্ধিজীৱীয়ে আগভাগ লোৱা
দেশ-জাতিৰ প্ৰজন্মক দিক্দৰ্শন কৰা
চৰকাৰৰ এই কৰ্ম বিফলে নিয়া
নহ'লে সকলোৱে অধঃপতনে যাবা !
দিনে দিনে বাঢ়িছে যুৱ-উচ্ছৃংখলতা
সমাজত বাঢ়িছে হত্যা-হিংসা
সমাজলৈ নামিব ধৰে বিভীষিকা
নিচাযুক্ত দ্ৰব্য হেৰা এৰা এৰা !!
মাদকদ্ৰব্য সকলোৰে বাবে অভিশাপ
সংসাৰ ভাগি যায়
জীৱনবোৰ উটি যায়
সানি যায় জীৱনত কলুষ-কালিমা ।
**********
ৰুমী কলিতা দত্ত
গাওঁ-২নং কেন্দুগুৰি
ডাক-ধমন
জিলা-ডিব্ৰুগড়
পিন-৭৮৬৬১০

No comments