ত্ৰিৰংগ পতাকাৰ ৰং
ত্ৰিৰংগ পতাকাৰ ৰং
হাতত ত্ৰিৰংগ পতাকা লৈ
আমি গাওঁ স্বাধীনতাৰ জয়গান
ভাৰত মাতৃৰ আশীষ লৈ
বিজয়ৰ ধ্বজা উৰুৱাওঁ
কত জোৱানৰ মৃত্যুৱে পৰাধীনতাৰ শিকলি চিঙি দিলে
এই মৃত্যু অপৰাজেয় হৈ ৰ'ল ।
বন্দে মাতৰম, বন্দে মাতৰম
সুৰীয়া কণ্ঠস্বৰ
একতাৰ ডোলেৰে
প্ৰগতিৰ পথেৰে
বিজয়ৰ ধ্বজ্জা উৰুৱাওঁ ।
শত শ্বহীদৰ তেজৰ নৈ বোৱাই
ভাৰত স্বাধীন হ'ল
প্ৰাণ-আহুতি দি শ্বহীদ কিয় হেৰাই গ'ল।
দেশ মাতৃক সেৱা জনাই
কত বীৰংগনাই
তেজেৰে নৈ বোৱাই
পৰাধীনতাৰ শিকলি চিঙি
ত্ৰিৰংগ পতাকা উৰুৱাই। ।
সুজলা-সুফলা শস্য শ্যামলা আই তুমি
স্বাধীনতাৰ শিকলিয়ে মেৰিয়াই
গায় সকলোৱে জয়গান
কেঁচা মাটিৰ গোন্ধ পাওঁ
ত্ৰিৰংগ পতাকাৰ তেজাল ৰং বোলোৱা
একতাৰ গীত গাওঁ ।
ৰুমী কলিতা দত্ত
*****

No comments