অনুজ্জ্বল
অনুজ্জ্বল
চহৰত চাকৰি কৰি থকা পুতেকৰ ঘৰলৈ বুলি মাকে খোৱাবস্তুৰ টোপোলাটো বাপেকৰ হাতত তুলি দিলে। ৰাতিপুৱাই গা-পা ধুই সাজু হোৱা বাপেকে খৰধৰকৈ গাড়ীৰে ল'ৰাৰ ওচৰত গ'ল। অনেক আশা অনেক সপোন লৈ অহা দেউতাকক দেখা মাত্রই ল'ৰাজনে টকা এক হাজাৰ দি বিদায় দিছে এই বুলি,"ভিতৰত বন্ধুহঁত আছে, সিহঁতে তোমাৰ পিন্ধনৰ কাপোৰ যোৰ দেখিলে মোৰ সন্মান হানি হ'ব। "
চাকৰি কৰা দুমাহ নৌহতেই এনে এক তিক্ত ব্যবহাৰ দেখি দেউতাকৰ উজ্জ্বল মুখখনি ক্ষণিকতে অনুজ্জ্বল হ'ল।
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
.jpeg)
No comments