তিনি বন্ধু

তিনি বন্ধু

                                                                 নেৱাজ শ্বৰিফুল হক

ফজৰৰ নামাজ পঢ়ি,মায়ে দিয়া ৰঙা চাহ খায়

কান্ধত নাঙল-যুৱলি তুলি,গৰু দুটা খেদি খেদি

বাহতলৰ সেই লুঙ লুঙীয়া ঠেক বাটেদি

পিতাইয়ে বাট বুলে পথাৰলৈ।


প্ৰভাতী বেলিৰ কিৰণ পৃথিৱী পাই মানে

পিতাইয়ে খামুচি ধৰে নাঙলৰ মুঠি

যুঁৱলি গৰু দুটাৰ কান্ধত তুলি।

ব্যস্থহৈ পৰে পিতাই

মাটিত ফুল বচাত।


পিতাই ,নাঙল-যুৱলি আৰু পথাৰ

এই তিনি বন্ধু মচগুল হৈ পৰে

এটা এৰাব নোৱাৰা আওপুৰণি ৰীতিত।

তিনিও সেউজীয়াৰ সোণালী সপোনত

বাদুলি ওলমা দি থাকে দুলি।


গৃহহীন কৰা কালধুমুহা

ডবাপিতা বৰষুণ ,পিঠিপোৰা ৰ’দ

সকলো পাৰহৈ যায় তিনি বন্ধুৰ ওপৰেৰে।

কিন্তু কোনেও হাৰ নামানে

গাত ৰদ নগলা বৰষুন নপৰা

শিলৰ চোলা পিন্ধি হে যায় তিনিও পথাৰত

তিনি বন্ধুৰ একতাৰ ওচৰত হাৰ মানে সকলো


লাহে লাহে নাঙল যুঁৱলিয়ে জিৰনি লয়

কিন্তু পিতাইয়ে নলয়

পিতাইয়ে মৈত উঠি গাড়ী চলাই

কঠিয়াতলিৰ কঠিয়াই পথাৰৰ গৰ্ভত ঠাই পায়

লাহে লাহে পথাৰ গৰ্ভৱতী হয়

পিতাইৰ হেঁপাহৰ পথাৰখন লহপহকৈ আহে বাঢ়ি

সেউজীয়াবোৰ হয় সোণালী

হেঁপাহবোৰে জিৰনী লয় ভঁৰালত

আই লক্ষীমী ৰূপে।।

নেৱাজ শ্বৰিফুল হক

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.