ঘূণ
ঘূণ
সুখটো মদ
দুখটো মদ
জন্মিলেওঁ মদ
মৰিলেওঁ মদ
মদ বিণে লাগে
সিহঁতৰ জীৱন ৰদ!
দেহত ঘূণ
সমাজত ঘূণ
হায়ৰে মানব!
ৰজনী, কমলা, বিমল, শিখৰ
যেন সাইলাখ মানুহৰ নাম
পেকেটে পেকেটে মুখত ধালি নলʼলে
সিহতৰ জীৱন গাড়ী খন চলা বৰ টান!
দেহত ঘূণ
সমাজত ঘূণ
হায়ৰে মানব!
কওঁ যদি চাধাৰ কথা
লাগিব মোৰ গাতে লেঠা
সিহঁতৰ মতে, চাধা
সৰস্বতীৰ আধা!
দেহত ঘূণ
সমাজত ঘূণ
হায়ৰে মানব!
টিকিৰা ফটাই
চিলিমত জুই জ্বলাই
দুনীয়া ৰ প্ৰথমজন হিৰোৰ
ভূমণ্ডলত পয়োভৰ
চিগাৰেট সিহঁতৰ, জেপৰ লগৰী!
দেহত ঘূণ
সমাজত ঘূণ
হায়ৰে মানব!
ডেনৰাইট কি ডাইজীপাম
আমাৰ জ্ঞানৰ অগোচৰ
সিহঁতৰ হেনো সেয়া
আধুনিক ফেচন!
দেহত ঘূণ
সমাজত ঘূণ
হায়ৰে মানব!
নাম - মৃগাঙ্ক মজুমদাৰ
জিলা - কামৰূপ
ডাক সুচক- ৭৮১১০৩
দূৰভাষ - ৮০৯৯৩৯৬৪৬৯
No comments