মাদক দ্ৰব্য বৰ বিষাক্ত
মাদক দ্ৰব্য বৰ বিষাক্ত
********************
ড্ৰাগছ,বিড়ি,মদ আদি
আজিৰ বৰ প্ৰিয় মাদক দ্ৰব্য;
বিষাক্ত নেশাযুক্ত এইবোৰৰ কথাৰে
কিমান ৰচিম আৰু কাব্য।
আজিৰ শিক্ষিত সাজত
অশিক্ষিতৰ ভাণ্ডাৰ ভৰা,
কুব্যৱহাৰ কুকৰ্ম কৰিলেও
নপঢ়ে তেওঁলোক ধৰা।
আজিৰ সমাজৰ ল'ৰা-ছোৱালী
বৰ খঙাল মেজাজী,
ড্ৰাগছ,বিড়ি,মদৰ নেশাৰে
পিতৃ-মাতৃক ত্যাগ কৰিবলৈও ৰাজি।
শিক্ষাৰ বহুত আছে প্ৰমাণপত্ৰ
জ্ঞানৰ ক্ষেত্ৰত মস্তিষ্ক শূণ্য,
কলিযুগৰ নিম্ন মনৰ সন্তানৰ
লোভীত আত্নাৰে হৃদয় পূৰ্ণ।
শত শত লোক মৃত্যুমুখত
বহন কৰি আছে বেদনাদায়ক কষ্ট,
মাদক দ্ৰব্যই কৰিছে আজি
শৰীৰৰ সকলো নষ্ট।
মৰিছে সহস্ৰ কোটিৰ পৰা কোটি
ভুগিছে গলি পচি পচি,
নিজৰ কুকৰ্মৰ ফলত
লৈছে বিষাদময় ভাগ্য ৰচি।
মাদক দ্ৰব্য ভয়াৱহ অস্ত্ৰ
মৃত্যুৰ ফালে আগুৱাই নিয়াৰ যন্ত্ৰ,
তন্ন তন্ন কৰি শেষ কৰে
শৰীৰৰ সকলো মানৱ তন্ত্ৰ।
মাদক দ্ৰব্য বৰ বিষাক্ত।।
শিল্পী দাস
ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)
No comments