শাৰদীয় শেৱালি

 শাৰদীয় শেৱালি

***************

আয়নাল হক,ধুবুৰী 


বুকুত হেঁপাহবোৰ সামৰি সামৰি

তুমি কাৰ প্ৰতীক্ষাত আছিলা

নাজানোনে আমি ?

শুভ্ৰ বসনা তুমি

শৰতৰ ৰাণী অভিমানী শেৱালি !

সূৰ্যৰ ওচৰত থকা

তোমাৰ আক্ষেপৰ বাবেই

তুমি হৈ ৰ'লা নিশাফুলি ।

জানানে তুমি--

তোমাৰ আগমনত

কবিৰ হৃদয়ত কেনেদৰে

অনুভৱে মেলে গজালি ?

জোনাকৰ মধু পান কৰি

সুৰকাৰেও তোমাৰ সান্নিধ্যত

কটাব খোজে উজাগৰী ৰাতি--

" শাৰদী ৰাণী---

তোমাৰ হেনো নাম---"

---------

ওৰে ৰাতি প্ৰেমৰ সুবাস ঢালি ঢালি

তেওঁৰ মুখ নাচাওঁ বুলিয়েই

পুৱাতে দুবৰিৰ বুকুত

আশ্ৰয় লোৱাহি--।

সঁচা, কিমান যে অভিমানী তুমি !

হ'লেও তুমি মৰ্ত্যৰ শ্বেতা-পৰী

নিশাৰ ৰাগিণী শাৰদীয় শেৱালি,

প্ৰিয়তমা তুমি মোৰ শাৰদী অনুভৱৰ--

প্ৰতিটো পল অণুপলৰ...।


     

✴✴✴✴✴✴✴✴


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.