টকাৰ আত্মকথা

টকাৰ আত্মকথা

শ্ৰদ্ধাৰ আজিৰ এই অনুষ্ঠানৰ আ্য়োজক মণ্ডলী আৰু  মঞ্চত উপৱিষ্ট মোৰ কলিজাৰ এফাল দৰ্শক বৃন্দ !

জয় জয়তে আপোনাসৱৰ শ্ৰীচৰণত মই টকাই কৌটি কৌটি  আন্তৰিক প্ৰণিপাত জনাইছোঁ!এই বজাৰে-সমাৰে চৌদিশে  জুইৰ সংকটৰ  সময়তো যে আপোনাসৱে মোক নিজৰ অস্তিত্ব জাহিৰ কৰাৰ সুবিধা কণ প্ৰদান কৰিলে তাৰ বাবে মই আপোনাসৱক সদায় মুৰত তুলি ৰাখিবলৈ চেষ্টা কৰিম।কাৰণ বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো অনুষ্ঠান -প্ৰতিষ্ঠান মোৰ কৃপাতেই হয় যদিও কোনো দিনে কোনেও মোক নিজক উপস্থাপন কৰাৰ সুবিধাকণ দিয়া নাই।এই আধুনিক যুগৰ মানুহবোৰে সস্তীয়া খ্যাতিৰ লোভত আচল কীৰ্তিমান বিলাকক ঢাকি ৰাখি নিজে বাঃ বাঃ ল'ব বিচাৰে।

ইমান যুগৰ ত্যাগৰ পাছত আজি যেতিয়া এই সুবিধাকণ পাইছোঁ ,মই পিচে সহজতে এৰাত নাই দেই।ধৰি লওক আজি মই অঁকৰা মৈত উঠিলোঁ,কোনেও কিন্তু মোৰ ভাগৰ লাগি ৰৈ নিদিয়ালৈকে মোক বাধা দিয়াৰ ধৃষ্টতাকণ নকৰিব।

মই টকা।আচলতে মোৰ নাম বিশ্বৰ বিভিন্ন দেশত বেলেগ বেলেগ।যেনে ধৰক,টকা,নোট,কাৰেঞ্চী,মানি,  ৰুপীয়া,ডলাৰ,পাউণ্ড,শ্বিলিং ইত্যাদি।অঃ,কতযে নামেৰে মৰমতে মোক মাতে নহয়!সেইকাৰণেই মই কেৱল এটা নামেৰেই চিনাকী দিবলৈ বেয়া পাইছোঁ।কাৰণ সকলোৱেই মোক বহুত মৰম কৰে।

          মইয়ে শিশুসকলৰ খেলাৰ বস্তু,মিঠাই,যুৱক-যুৱতী সকলৰ প্ৰাণৰ ৰাগী।বয়োজ্যেষ্ঠ সকলৰ বৃদ্ধাৱস্থাৰ লাখুটি ডালো মইয়ে।মই সকলোৰে সহায়,মই টকা।

মানুহ মোৰ গোলাম;তেওঁলোকক মই হাজাৰটা নাচ নচুৱাব পাৰোঁ,নচুৱাই আছোঁ।গোটেই পৃথিৱীখন মোৰ কথামতে চলে, পৃথিৱীক মই লুটিয়াই দিব পাৰোঁ,লুটিয়াই আছোঁ।প্ৰকৃতিদেৱীও মোৰ বশৱৰ্ত্তী।মইয়ে প্ৰকৃতিক সাজোঁ,মইয়ে ভাঙোঁ,মুচৰি পেলাওঁ,মই টকা।

এই বিশ্বত যদি কোনোবা ঈশ্বৰ আছে, সেইজন ময়েই,যদি ধৰ্ম আছে,সেয়াও মইয়ে,প্ৰেম নামৰ কিবা বস্তু যদি আছে,সেয়াও মইয়ে।মইয়ে সত্য,মইয়ে শিৱ! দুখ মই,মমতাও মই;মইয়ে সুন্দৰ,মইয়ে সৎ।মোৰ ধাতুৰে নিৰ্মিত শৰীৰটোৰ ঝন্ ঝননিত যি অলৌকিক মাধুৰীমা আছে বীণাপাণিৰ বীণখনতো  সেই মাধূৰ্য নাই !ভগৱান শ্ৰীকৃষ্ণৰ পাঞ্চজন্য শংখত  আছে জানো সিমানখিনি মাধূৰ্য?কুলি আৰু অন্যান্য শুৱলা কণ্ঠী পখীৰ কল-কাকলিতো সেইখিনি মাধূৰ্য নাই। বাঁহী বাদকৰ বাঁহীৰ সুৰ নাইবা ডম্বৰু বাদকৰ ডম্বৰুতো সেই সুৱদী সংগীত নাথাকে।সপ্ত সুৰৰ ওপৰত মই অষ্টমটি সুৰ,পৰম মধূৰ,মই টকা!

     গীতা পাঠ কৰা পাঠক সকল,ভগৱানৰ ভক্ত সকল, সত্যনাৰায়ণ পূজাৰ অনুগামী সকল,ৰামায়ণ-মহাভাৰতৰ অনুগামী সকল, মোৰ গীত গোৱা,মোৰ গুণানুকীৰ্ত্তন কৰা, মোৰ ভক্ত হোৱা,মোৰ কথা শুনা,মোৰ অনুগামী হোৱা।তাৰণ-কাৰণ মইয়ে,ভৱ-ভয় হৰণ মইয়ে কৰোঁ;মই ধৱল বৰণ,মই মঙ্গলকাৰক,মই পূণ্যাচৰণ,মই-মই টকা।

ক'ৰণা নে কি সেইজনীযে চীন দেশৰ পৰা ওলাই গোটেই ব্ৰহ্মাণ্ডখন ছানি ধৰিলে,ইয়াৰ মূলতেও মইয়ে!শান্তি লাগে বুজিছে শান্তি!শান্তিৰ বিকল্প একো নাই।সহ্য,শান্তি,ধৈৰ্য,ক্ষমা-এই গোটেই সজগুণ বোৰৰ পাখি কাটি ফুৰা দায়িত্বও মোৰ ওপৰতেই পৰে।

           পিচে এই গোটেই বিলাকৰ বাবে মই দায়ী নহয়  বুজিছে!অধম নৰ মনিচে মোৰ সীমাবদ্ধতাক কেতিয়াও নেদেখিলে বা চাবলৈ  চেষ্টা নকৰে!পৱিত্ৰ গুৰু সকলৰ গুণ-গানক মোৰ কাষ চপাৰ নৌকা হিচাপে ব্যৱহাৰ কৰিবলৈকো কুণ্ঠাবোধ নকৰে!হেই এনেয়ে নকয় নহয়, বোলে মুখে ৰাম নাম,হাতে কৃত্য কৰ্ম !পিচে ধুৰন্ধৰ মনিচে বুজি নাপায় যে সিহঁতৰ হেৰোৱা পথৰ সন্ধান মই  দিব নোৱাৰোঁ। মৰাৰ পিচত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ভূমিকণো মোৰ কৃপাতেহে ল'ব লগীয়া হয়!


কি কৰিব? ভাৱিলে দুখেই লাগে!মোৰ সান্নিধ্যলৈ আহিবলৈ মোক কিযে নকৰে!জুৱাখেলৰ আমেজটো হ'লে লৈ মই বৰ ভাল পাওঁ।মোক বেছিকৈ পাবলৈ মোৰ প্ৰেমিকসকলে যে কেনেকৈ সৰ্বস্বান্ত

হয়,ভাৱিলে বৰ দুখ লাগে বুজিছে!পিচে অন্তিম মুহূৰ্ত্তত  মই আকৌ মোৰ আজীৱন প্ৰেমিক সকলক বৰ বেয়াকৈ বিশ্বাসঘাট কৰোঁ নহয়!এনেয়ে নাগায় নহয়,বোলে-' ধনে ধনে কৰি ধনকে ঘটিলোঁ

 দেহাৰ তেজ পানী কৰি;

দেহা যাইব চলি ধনো ৰৈব পৰি 

লগত যাব দুচলি খৰি!'--কিয় যাম বাৰু মই লগত সতীদাহ যোৱাদি? মই গুচিগ'লে দেখোন এই জগত খনেই অচল হৈ পৰিব!ইমানখিনি পাপৰ বোজা মই কিয় ল'মহে!

           মোক ৰঙাচকু দেখুৱাই,মোৰ লগত শত্ৰুতা কৰি ,মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰি কোনোবাই সাৰি যাব পাৰিব?কোনো নাযায়!জমিদাৰ মই,ৰজাও মই,বাদশ্বাহৰো বাদশ্বাহ মই,মই লঈশ্বৰ,মই আল্লা,মই সকলো!

     লঙ্কা সীতাৰ অভিশাপত  নহয়,মোৰ অসন্তুষ্টিৰ বাবেহে জ্বলিছিল।মই বিভিষণৰ প্ৰতি প্ৰসন্ন আছিলোঁ।ডাঙৰ ডাঙৰ অপৰাধীবোৰ সততাৰ নহয়,মোৰ বলতহে শাস্তিৰ পৰা হাতসাৰি থাকিব পাৰে।মোৰ বাবেই জনপ্ৰিয় অভিনেতা সুশান্ত সিঙে মৃত্যুক আকোঁৱালি ল'ব লগীয়া হ'ল!আৰু কিমান যে কাহিনী ঘটি আছে কেৱল মোৰ বাবেই!ক'ৰণাৰ সময়ত অসমতযে ক'ৰণাৰ ৰোগীবোৰৰ সংখ্যা বাঢ়ি গৈছিল,সেয়াও মোৰেই চখ!ভাৰত-চীনৰ সংঘাট,ভাৰত-পাকিস্তানৰ শত্ৰুতা,পৃথিৱীৰ ওপৰত চীনৰ আগ্ৰাসন,ৰাচিয়া-ইউক্ৰেইনৰ যুদ্ধ,অসম -গৌৰৱ  গড়ৰ চোৰাং চিকাৰীৰ হাতত মৃত্যু,বাঘা বাঘা পদৱীত থাকিও যে দুৰ্ভগীয়া নৰলোকে  নিজৰ নৰোত্তম সন্মান কণকে  ধৰি ৰাখিব পৰা নাই!এই সকলোবোৰৰ মূলতো মইয়ে,মোক হেৰুওৱাৰ ভয়ত লুটি-বাগৰ মাৰিব পাৰে,অপৰাধীৰ শুংসূত্ৰ বিচাৰি  মেনে'জ হোৱা সংবাদকৰ্মীৰ জিভাৰ পানীকণো মইয়ে!মোৰ আঙুলিৰ চিয়াৰতে আইন-আদালত পৰিচালিত হয়!অ' ৰ'ব,মই অকল নেতিবাচক কৰ্মবোৰৰে গৰাকী নহয়,মোৰ বাবেই বহুতো ধনাত্মক কাম-কাজো সুচাৰুৰুপে পৰিচালিত হয়।মোৰ কৃপাতেই বহুতো বাঘা বাঘা উপাধিধাৰীয়ে সমাজত দপ্ দপাই ফুৰিব পাৰিছে;  মই যাৰ লগত থাকোঁ ,তাক আৰু অন্য একোৰেই প্ৰয়োজন নাই!পিচে মোৰ আটাইতকৈ ডাঙৰ জটিলতাটো কি জানেনে?সেইটোকহে মই আজিলৈকে মোৰ নিয়ন্ত্ৰণলৈ আনিব নোৱাৰিলোঁ!যমদূতৰ লগতযে মই আজিলৈকে বুজাপৰা এটা কৰিব পৰা নাই!যমৰজাৰ সেউজ সংকেট পৰাৰ লগে লগে মই ফৰিংছিটিকা দিওঁ!কেতিয়াবা দুখও লাগে বুজিছেনে!মোৰ বাবেই হত্যা,অপহৰণৰ দৰে ঘটনাবোৰ যেতিয়া ঘটে মই বৰ কষ্ট পাওঁ।

এতিয়া মানুহৰ গোটেই জীৱনৰ আশ্ৰয় মইয়ে; মোৰ বলতেই প্ৰকৃতিকো মানুহে বশ কৰিব পাৰে।মোৰ ইমানেই শক্তি আছে যে মই মানুহক মৰম,সন্তুষ্টি,দুখ সকলো দিব পাৰো।মোৰ অবিহনে মানুহে একো কাম কৰিব নোৱাৰে।যিমানেই ডাঙৰ অপৰাধ নকৰক,মোৰ কৃপাত  সকলো মিছা বুলি প্ৰমাণিত হয়!

গতিকে হে মানৱগণ,ভগৱানৰ ওচৰত শৰণ লোৱাৰ বিপৰীতে মোৰ ওচৰত শৰণ লওক!মোৰ অবিহনে জীয়াই থাকিব পাৰিব জানো?মোৰ চেহেৰাটো কুৎচিৎ হ'লেও কোনো চিন্তা নকৰিব;  ৰূপে কি কৰে,গুণেহে সংসাৰ তাৰে !  দেখা নাই জানো,মানুহে ভগৱানতকৈ মোকহে বেছিকৈ পূজা-প্ৰাৰ্থনা কৰে!

আজিকালি মোৰ বলতে ৰাতিটোৰ ভিতৰতে ডাঙৰ ডাঙৰ চেলিব্ৰিটিৰ জন্ম হৈ যায় ;মানে  ৰাতিটোৰ ভিতৰতে  ডাঙৰ ডাঙৰ বঁটা-বাহনৰ অধিকাৰী হ'ব পাৰে,শিল্পী,সাহিত্যিক,জননেতা, যি বিচাৰে মই  সকলো মুক্তহস্তে প্ৰদান কৰোঁ!অৱশ্যে নিজৰ খুপৰীত একো মাল নথকা বিলাকেহে মোত শৰণ লৈ,মোৰ কান্ধে-মূৰে বগাই পাৰ পাব বিচাৰে।

ক'বলৈ লাজ লাগিলেও এটা কথা ক'বই লাগিব যে আচল শিক্ষাৰে শিক্ষিত আৰু স্বাভিমান চিনিপোৱা সকলে মোৰ ওচৰত সহজে শিৰ নত নকৰে দেই!তেওঁলোকে  মোক সহজতে  পোৱাৰ পথৰ সন্ধানতো নানামে,কষ্ট কৰিহে মোৰ কাষ চাপে। মইও তেওঁলোকৰ সঙ্গ কেতিয়াও নেৰোঁ! কাৰণ কষ্টৰ পথেৰে আহিবলৈ পালে মোৰ ক্ষমতা হাজাৰ গুণে বাঢ়ে। এইখিনি মানুহ নিজৰ বিবেক,মন-মগজুৰেহে  পৰিচালিত হয়।মই বৰ বেয়াকৈ হাৰি যাওঁ দেই তেওঁলোকৰ ওচৰত!

...মোৰ প্ৰতি থকা অগাধ মৰমৰ বাবেই কিমানেযে  ৰঙাঘৰৰ ভাত খাই তৃপ্তি পলুৱাইছে।তেওঁলোকে শয়নে-সপোনে-দিঠকে  কেৱল মোকেই দেখে,মই তেওঁলোকৰ ইষ্ট দেৱতা,প্ৰাণ ৰক্ষক।

পিচে আজিলৈ  ইমানতে ৰাখোঁ দিয়ক!নিজেই নিজৰ ঢোল নিপিটিলে আজিৰ যুগত আপুনি 

একেবাৰে মহাসমূদ্ৰৰ তলিত ফচি যাব,বুজিছে? সেয়েহে নিজৰ ফটামুখৰ ঢোলটো পাৰোঁ মানে বজালোঁ অলপ,দায়-দোষ নধৰিব আকৌ দেই! কেতিয়াবা আপোনাসৱৰ  মৰম-চেনেহ খিনিৰ অভাৱত পৰিম বুলি নভৱাকৈয়ে আজিলৈ মোৰ বকলা সামৰিছোঁ দেই!

         ইতি

    আপোনালোকৰ 

            "টকা"।



ৰীতা বৰুৱা

জগদুৱাৰ তিনিাআলি

ডাক-জগদুৱাৰ,৭৮৫১১২


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.