স্বাধীনতাৰ বিননি
স্বাধীনতাৰ বিননি
আহিলেই পোন্ধৰ আগষ্টচৰকাৰ আৰু ৰাইজৰ গা লৰে
যেন আমি স্বাধীন দেশৰ নাগৰিক,,
তাৰ বাবে কতনা আয়োজন
ৰজাৰ ভুৱা প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰা ভাষণ
প্ৰতিটো দিশতে কৰিব ৰাইজৰ উন্নয়ন
কিন্তু পাৰ হ'লেই উছৱৰ দিন
পুজাৰ মুৰ্তিৰ দৰেই দিয়া হয় বিসৰ্জন।।
হে! স্বাধীনতা
তোমাৰ গলত আকৌ
তোমাৰ নিজৰেই সন্তানে পিন্ধালে পৰাধীনতাৰ জঞ্জীৰ!!
তুমি আমাক ভুল নুবুজিবা,,,
কাৰণ
তোমাৰ বিৰোধিতা কৰাবোৰেই যে ৰক্ষক দেশৰ
আৰু জানানে,,,
ধৰ্ম আৰু গণতন্ত্ৰৰ
যোগ্য নোহোৱাতেই আমি তোমাক পালোঁ
সেইবাবে তুমি অপৰিপক্কই থাকিলা।।
ইংৰাজবোৰ ঠিকেই গ'ল,,,
কিন্তু,,,,
সিহঁতৰ অবৈধ সন্তান??
পুঁজিপতিৰ গোলামী আৰু
ধৰ্মৰ আফিঙৰ ক'লা ধোঁৱাই চৌদিশ অন্ধকাৰ
মুল্য বৃদ্ধিৰে দুখীয়া- মধ্য বিত্তৰ ভঙা ৰাজহাড়
ধৰ্ম,জাত-পাতৰ নামত দেশ জ্বলে,,
আম্বেডকাৰৰ বংশৰ ওপৰত আজিও কু-দৃষ্টি সৰে
সংবিধান আজি কাগজৰ টুকুৰা
ন্যায়ালয়ৰ ওপৰত প্ৰশ্ন বোধক চিন
দেশৰ অন্নদাতাৰ ওপৰত অত্যাচাৰ
প্ৰাপ্যৰ বাবে কৰিব লাগে হাহাকাৰ,,,
মাতৃ- ভগ্নীৰ হয় বলাৎকাৰ
জ্ঞানী জনে থাকে মৌন হৈ
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজি মুখপাত্ৰ চৰকাৰৰ,,,
খোৱা-পিন্ধাৰ ওপৰতো ফতোৱা,,,,
সেইবাবেই,,
তোমাৰ আকৌ স্বাধীনতাৰ প্ৰয়োজন,,,
সুভাষ বসুৱে আকৌ চিঞৰিবৰ হৈছে
আমাক প্ৰয়োজন তেজৰ
আমাক প্ৰয়োজন মাৰবান্ধি থিয় দিয়াৰ
এইবাৰ আমাৰ প্ৰতিপক্ষ আমি নিজেই!!
এইবাৰ যুদ্ধ হ'ব আৰু ভয়াৱহ
এইবাৰ সহোদৰৰ তেজৰ নৈ বোৱাব সহোদৰে
এইবাৰ হত্যা হ'ব মানৱতাৰ
আৰু ধৰ্ষিতা হ'ব মাতৃ
ধৰ্ষক কোন জানানে???
নিজৰেই গৰ্ভজাত সন্তান,,,,
এনেকৈ আৰু কিমান দিন
ভ্ৰান্ত স্বাধীনতাৰ গুণানুকীৰ্তন??
আমাক লাগে অজস্ৰ জনৰ তেজৰ বিনিময়ত
লাভ কৰা স্বাধীনতাৰ ফচল,,
অন্ন, বস্ত্ৰ, বাসস্থানৰ লগতে আমাৰ প্ৰাণোধিক
জাতি,ধৰ্ম,বৰ্ণনিৰ্বিশেষে সৰ্বজনৰে গ্ৰন্থ
সংবিধান প্ৰদত্ত অধিকাৰ।।
জহিৰুল ইছলাম আহমেদ

No comments