পৰিৱেশ আৰু প্ৰাণী

পৰিৱেশ  আৰু প্ৰাণী

                               

         পৰিৱেশ আৰু প্ৰদূষণৰ কাৰণবোৰ চালিজাৰি চালে মানুহেই যে পৰিৱেশৰ শত্ৰু তাক দীৰ্ঘদিন অনুধাৱন কৰা নাছিল।অনেক পৰীক্ষা নিৰীক্ষাৰ অন্তত পৰিৱেশ আৰু ইয়াৰ গুৰুত্বৰ প্ৰতি মানুহ সক্ৰিয় হৈছে যদিও ইয়াক প্ৰতিৰোধ কৰিব পৰা নাই। পৰিৱেশেই প্ৰাণৰ ধাৰক,জীৱনী শক্তি যোগান ধৰোতা। পাৰিপাৰ্শ্বিকতাৰ লগত প্ৰাণীৰ সম্পৰ্ক যুগযুগান্তৰ ।কাৰণ প্ৰাণীৰ অস্তিত্ব পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। পৰিৱেশ বিনষ্ট হ'লে প্ৰাণীও বিনষ্ট হ'ব ।
    মানুহে যেনেকৈ নিজ নিজ কামত তথা প্ৰাকৃতিক সম্পদক যিদৰে ব্যৱহাৰ কৰিছে ঠিক সেইদৰে প্ৰকৃতিৰ আহত ৰূপটোৱে ক্ৰমশ সমগ্ৰ প্ৰাণী জগতৰ বাবে সৰ্বনাশ মাতি আনিছে। দৈনন্দিন জীৱনত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ হৈ আহিছে আৰু তাৰ কু-প্ৰভাৱ বায়ু,মাটি আৰু খাদ্য দ্ৰব্যৰ ওপৰত পৰিছে । অনেকেই স্বীকাৰ কৰে যে কেন্সাৰ ৰোগৰ দ্ৰুত প্ৰসাৰ আৰু বিকলাংগ সন্তান জন্মৰ মূলতেই ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ। কৃত্ৰিম উপায়েৰে প্ৰস্তুত কৰা ৰাসায়নিক পদাৰ্থৰ পৰা বায়ু, খাদ্য দ্ৰব্য তথা প্ৰাণীৰ প্ৰাণ স্বৰূপ পানীত আৰ্চেনিকৰ দৰে বিষাক্ত পদাৰ্থয়ে মাৰাত্মকভাৱে দূষিত কৰিছে।
                    তাতোকৈ ডাঙৰ কথা নগাঁও কলেজৰপৰা গৱেষণাত পোহৰলৈ অহা ,ফৰ্মেলিন,আৰ্চেনিকৰ দৰে বিষাক্ত দ্ৰব্যৰ উপস্থিতি চালানি মাছত ধৰা পৰাই মানৱকুলৰ বাবে সংশয়ৰ কাৰণ হৈ পৰিছে । শক্তিৰ বিভিন্ন উৎসৰ পৰাও পৰিৱেশ দূষিত হয়। বিশেষকৈ সাগৰ তলিৰ পৰা খাৰুৱা তেল উলিয়াওঁতে সাগৰৰ জলস্তৰৰ লগত ইয়াৰ বিভিন্ন দূষিত দ্ৰব্যৰ মিশ্ৰণ হৈ জলপ্ৰদুষণ হয় । সেইদৰে কয়লা খনন কৰোতে ভূমিস্খলন ঘটে আৰু খনিৰ পৰিত্যক্ত দ্ৰব্যসমূহে জলভাগ আৰু ভূমি দুয়োকে দূষিত কৰে । পাৰমাণৱিক শক্তি আৰু উৎপাদন আৰু পৰীক্ষা নিৰীক্ষাইয়ো পৰিৱেশ প্ৰদূষিত কৰে ।
    বায়ু প্ৰদূষণ ক'লা ধোৱা আৰু ধূলি আদিৰ দ্বাৰা হয় । বিশেষকৈ বায়ুমণ্ডলত অধিক সময় ভাঁহি থকা উপকৰণে বায়ুক অধিক দূষিত কৰে।হাইড্ৰোজেন চালফাইড বায়ু প্ৰদূষণৰ বাবে অধিক দায়ী ।বায়ু প্ৰদূষণে চকু জ্বলা পোৰা কৰাৰ লগতে শ্বাস প্ৰশ্বাস লোৱাত ব্যাঘাত জন্মায় ।এই ক্ষেত্ৰত ছালফাৰ-ডাই-অক্সাইডৰ ভূমিকা অতিকৈ বেছি।এই ক্ষেত্ৰত কল-কাৰখানা,মটৰ গাড়ী,ৰেলগাড়ী, ঘৰ বা ব্যৱসায় প্ৰতিষ্ঠানত উত্তাপ সৃষ্টি কৰা যন্ত্ৰপাতি আৰু আৰ্বজনা আদিয়েও গুৰুত্বপূৰ্ণ ভূমিকা যোগাই আহিছে। বিভিন্ন অক্সাইড বতাহৰ জলীয় বাষ্পৰ সৈতে মিলি ছালফাৰ তথা নাইট্ৰজেন অম্ল তৈয়াৰ হৈ বৰষুণৰ লগত নামি আহে 'এচিড বৰষুণ বা অম্লবৰ্ষণ'। পৰীক্ষাৰ দ্বাৰা বিজ্ঞানী সকলে ঠাৱৰ কৰা মতে এনেকুৱা গেছ জাতীয় পদাৰ্থ এক হাজাৰ কিলোমিটাৰৰো অধিক দূৰত্বৰ জল তথা স্থলত অৱস্থান কৰি মাটি,নদী,হ্ৰদ আদিৰ অম্ল বৃদ্ধি কৰি জলজ আৰু স্থলজ প্ৰাণীৰ ক্ষতিগ্ৰস্ত কৰিছে । ৰাসায়নিক কণিকা সংমিশ্ৰণ হৈ বায়ুমণ্ডলত ওপঙি থাকি জলীয় বাষ্পৰ সৈতে বৰষুণ হৈ নামি অহাত অকাল বৃষ্টিপাত,শিলবৰষুণ হোৱাৰ লগতে বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰত অ'জন গেছৰ স্তৰ পাতল হৈ ভূপৃষ্ঠত সূৰ্যৰ অতিবেঙুণীয়া ৰশ্মি বৃদ্ধি হোৱাত উপকাৰী বেক্টেৰিয়া, উদ্ভিদ,প্ৰাণীকোষ আৰু মানুহৰ ছালত কেন্সাৰ ৰোগ হোৱা আদিৰ লগতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধিয়ে তাপমানো বঢ়াইছে ।
      দৰিদ্ৰতা আৰু অজ্ঞতাৰ বাবে বহুসময়ত প্ৰাকৃতিক বনসম্পদৰ বিপৰ্য্যস্ত ,পক্ষী তথা স্তন্যপায়ী প্ৰাণীৰ বিলুপ্তি সপুষ্পক উদ্ভিদ ধ্বংস ,পৃথীৱীৰ প্ৰাচীনতম উদ্ভিদ আবাস বৰ্ষাবনসমূহ নিৰ্মূল হোৱাত বিভিন্ন অঞ্চলত আবহাৱাৰ অস্বাভাৱিক পৰিবৰ্তন দেখা দি পশুৰ বিচৰণভূমি, কৃষিভূমি মৰুভূমিলৈ  ৰূপান্তৰ হৈছে। অন্যহাতে অবিৰাম খনিজ সম্পদ সংগ্ৰহৰ ফলশ্ৰুতিত অঞ্চল বিশেষে ভূ-স্তৰ ভাৰসাম্যহীন হৈ ভূমিকম্পৰ দৰে সৰ্বনাশী দূৰ্যোগৰ সন্মূখীন হৈছে। শব্দ প্ৰদূষণে শ্ৰৱণেন্দ্ৰিয়ৰ ক্ষতি কৰাৰ লগতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ কৰাৰ লগতে স্নায়ুতন্ত্ৰৰ ওপৰত চাপ তথা স্নায়ুৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিছে। 'ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ'ৰ মতে আন্তজাৰ্তিক মান অনুসৰি শব্দৰ পৰিমাণ ৩৫ ডেচিবেলৰ পৰা ৪৫ ডেচিবেল হোৱা উচিত। কিন্তু বৰ্তমান ঠাই বিশেষে বহু পৰিমাণে হয় । বৰ্তমান আধুনিক জীৱন যাত্ৰাৰ মাপকাঠি আৰু পৰিৱেশ প্ৰদূষণ ৰোধ উভয় দিশৰ প্ৰতি লক্ষ্য ৰাখি গোপন ব্যাধিৰ দৰে বাঢ়ি অহা বিষমিশ্ৰিত পৰিৱেশে সমস্ত প্ৰাণীজগত গোগ্ৰাসে গিলিবলৈ গৈ আছে ।।
               ‌‌         

                    লখিমী মহন্ত
   ‌‌        ‌ ‌‌ ‌    ঠিকনা- নগাঁও, আনন্দ নগৰ, পলিটেকনিকৰ সমীপত, কনকলতা পথ, ৱাৰ্ড নং-২৩, ডাক-ইটাচালি, জিলা-নগাঁও (অসম),পিন্-৭৮২০০৩ ।।

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.