ভালপোৱা

 ভালপোৱা 

ভাল ময়ো পাইছিলোঁ

ভাল পাই আছোঁ

ভাল পাই থাকিম

ভাল পায়েই জীয়াই আছোঁ

বুকুত যে কত কিমান আশা সাঁচি

অস্হিতিৰ ভালপোৱাকো বুকুৰ মাজত সযতনে ৰাখোঁ 


সকলো শেষ হোৱাৰ পাছতো

যি ভালপোৱা ৰৈ যায়

তাৰেই মানুহে নতুন জীৱন আৰম্ভ কৰে

সকলো সপোনৰ ভালপোৱা শেষ হোৱাৰ পাছতো 

জীয়াই আছোঁ এটি সৰু সপোনৰ 

ভালপোৱা নিৰিবিলি বাট বিচাৰি 

জানো সেই বাট প্ৰতি খোজে সংশয়

সংশয় জীৱন জানো শান্তিময়...?সহজ...?


 ভালপোৱাবোৰ বুজিবলৈ সময় লাগে

 ভাল পায়েই মানুহে জীৱন জীয়াই থাকে

 ভালপোৱাৰ অবিহনে জীৱন নিৰস 

 কথাত ভালপোৱা সকলোতে।


সূৰজ বৰগোহাঁই


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.