ড্ৰাগছ এক ব্যাধি

  ড্ৰাগছ এক ব্যাধি

গৰ্ভধাৰণত মাতৃৰ যন্ত্ৰণা কিমান
গৰ্ভত সন্তান লৈ কষ্ট কৰা দিনবোৰ
জীৱনৰ বাবে কৰা সংগ্ৰামবোৰ
গৰ্ভত থকাৰ সময়ৰ পৰা প্ৰসৱলৈকে
যি কষ্ট, যি বেদনা, যি অসহ্যকৰ সময় 
সেয়া অনুভৱ কৰিব পৰা
ইমান সহজ নহয় 

সন্তানবোৰে নুবুজে মাতৃৰ সেই মৰ্মান্তিক বেদনাবোৰ
সন্তানে নাজানে মাতৃগৰাকীয়ে ন’মাহ দিন
এক বুজাব নোৱাৰা বিষ, অসহ্যকৰ চটফটনিত
উজাগৰে কটোৱা ৰাতিবোৰৰ কথা 
আজি সেই সন্তানে মাকক কি দিয়ে
কেৱল দুখৰ চকু পানী 
কিয় জানেনে ?
কোলাত উঠি ডাঙৰ হোৱা ল’ৰাটো
আজি ড্ৰাগছ আসক্ত
ড্ৰাগছৰ নিচাত চিনি নাপায় মাকক
ইমানেই ৰাগী যে মাকদেউতাক বেয়া ব্যৱহাৰেই নহয়
কেতিয়াবা হাত তুলিবলৈ উদ্যত হয় 
এইয়া আজিৰ যুৱপ্ৰজন্মৰ এক নমুনা হে মাত্ৰ

আমি কি কওঁ 
যুৱসমাজক লৈ আমি সপোন দেখোঁ
যুৱসমাজখনে এদিন আমাৰ দেশক প্ৰতিনিধিত্ব কৰিব
যুৱসমাজে সমাজিক পৰম্পৰা ৰক্ষা কৰিব
যুৱসমাজে উন্নয়ন আৰু প্ৰগতিৰ হকে কাম কৰিব
যুৱসমাজ খনে শান্তি আৰু সম্প্ৰীতি বজাই ৰাখি
মানৱীয় প্ৰমূল্যবোধৰ নিচান ৰাখিব 
ডেকা শক্তি সমূহে ভৱিষ্যত প্ৰজন্মৰ দিকদৰ্শন হ’ব
কিন্ত এচাম যুৱকে আজি কি কৰিছে !!
সমগ্ৰ দেশৰ বাবে প্ৰত্যাহ্বান হৈ থিয় দিছে 
দেশ আৰু সমাজখনলৈ ধবংসৰ বীজ কঢ়িয়াই আনিছে
কেনেকৈ ? কিয় কৈছোঁ এই কথা 
মাৰাত্মক ড্ৰাগছ সেৱন কৰি কলুষিত কৰিছে সমাজ
নিষিদ্ধ ড্ৰাগছ সেৱন কৰি 
নিজৰ লগতে সমাজৰ আন আন যুৱককো
এই দিশলৈ টানি আনি বৃহৎ প্ৰজন্মক ঠেলি দিছে
অনিশ্চিত ভৱিষ্যতৰ দিশলৈ 
জীৱনৰ সপোনবোৰক ভৰিৰে মোহাৰি 
আগবাঢ়ি গৈছে অন্ধকাৰমুখী যাত্ৰাপথলৈ

এতিয়া কিছুমান দৃশ্য তেনেই সহজ হৈ পৰিছে
স্কুল কলেজত পঢ়ি থকা ল’ৰাবোৰ
হোষ্টেলত থাকি পঢ়িবলৈ অহা 
নীৰিহ মাক দেউতাকৰ সন্তানবোৰক 
কেতিয়াবা দেখিব তিনিআলিত অসংযত অৱস্থাত
কেতিয়াবা দেখিব ৰেষ্টুৰেণ্টত নতুবা
প্ৰায়ে ৰাস্তাৰ কাষত নহলে কোনোবাদিনা
পানদোকানৰ  সন্মুখত বহি 
চিগাৰেট নহয় ড্ৰাগছ হুপি থকা 
এইবোৰে কি সূচায়
এই অসামাজিক কামবোৰত বেছিভাগেই
সম্ভ্ৰান্ত ঘৰৰ বা খুবেই চহকী ঘৰৰ ল’ৰা 
কিয় এই কামবোৰ কৰে ?
টকাপইচাবোৰৰ হিচাপবোৰ কোনে লয় 
সন্তানৰ দাবীবোৰ পূৰণ কৰাহে অভিভাৱকৰ কাম 
গাওঁৰ এচুকৰ খালী ঠাইত বহি
যেতিয়া ফুলকুমলীয়া ল’ৰাবোৰে ড্ৰাগছবোৰ
লগৰবোৰক বিলাই দি আছে 
দিনেৰাতি আড্ডা দি বেয়া কৰিছে পৰিবেশ 
এই কথা কোনোবা মাতৃৰ বাবে
কিমান বেদনাদায়ক হ’ব কোনে ভাবিব 
ইয়াতকৈও কিবা আৰু সহিবলৈ
বাকী আছে নে ?

ড্ৰাগছৰ ৰাগীত মাতাল হৈ সন্তানে কি দিছে
জন্মৰ সময়ত সপোন দেখা পিতৃ-মাতৃৰ
বুকুত আঘাত সানিছে 
সমাজৰ গ্লানিয়ে তেওঁলোকক এনেকৈয়ে 
লাজ আৰু অপমান দিছে 
সন্তান জন্ম দিয়াটোৱে আছিল যেন
তেওঁলোকৰ বাবে এক ডাঙৰ অপৰাধ,

সমাজৰ সভ্য লোক 
সমাজখনক প্ৰতিনিধিত্ব কৰা প্ৰতিজন সৎ নাগৰিক
সমাজৰ বাবে কাম কৰা নিস্বাৰ্থ লোকসকলে নাজানে
সন্তানে পিতৃমাতৃৰ অজ্ঞাতে কৰা দুস্কাৰ্যবোৰৰ কথা 
সন্তানে পিতৃমাতৃক কৰা অন্যায় অবিচাৰসমূহৰ কথা
আজিৰ সন্তানবোৰে চিনি পায় নে 
পিতৃমাতৃ কোন ?
পিতৃমাতৃৰ প্ৰতি শ্ৰদ্ধাভক্তি কিয় 
পিতৃমাতৃৰ হকে সন্তানৰ দায়িত্ব কি 
বুজি পায় নে পিতৃমাতৃৰ প্ৰয়োজনীয়তাৰ কথা 
কাৰণ ড্ৰাগছৰ নিচাত মগ্ন মগজুটোৱে 
ঢুকি পাব নে কেচুৱা থকাৰ সময়ত 
মাকে দেখা সপোনটোৰ কথা... 
এবাৰো অনুভৱ হ’ব নে পিতাইৰ এই বৃদ্ধ বয়সত
সন্মানৰ বিপৰীতে সন্তানৰ বাবে পোৱা 
অসন্মান আৰু সমাজে 
ঘিণাৰ চকুৰে চোৱা কথাবোৰ 
এদিন গাওঁখনত জিলিকি থকা ঘৰখনে
আজি ড্ৰাগছ সেৱনৰ মূল ঘাটি বুলি পৰিচয় পালে 
ইয়াত ভুল কাৰ ? 
ভুল আছিল নে জন্ম দিয়া মাতৃগৰাকীৰ 
ভুল আছিল নে নিৰ্জু স্বভাৱৰ পিতৃগৰাকীৰ 
এটুপি নিচাত শেষ হৈ গ’ল স্বাভিমান 
কেৱল এটা জীৱনে শেষ হোৱা নাই
এই ড্ৰাগছত শেষ হৈ গৈছে 
বৰ্তমানৰ প্ৰজন্ম...
আজিকালি স্কুল, কলেজৰ ছাত্ৰ ছাত্ৰী 
বহু ভদ্ৰ লোকৰ ঘৰখনেও মনে মনে 
উচুপি আছে... কেনেকৈ এৰাব পাৰি এই বেয়া স্বভাৱ
ধবংস কৰিছে মুষ্টিমেয় এচাম ডেকাক
ড্ৰাগছে মাতি আনিছে
ভয়াবহ ভৱিষ্যত
ড্ৰাগছে মাতি আনিছে অকাল মৃত্যু
ড্ৰাগছে বিনষ্ট কৰিছে উঠি অহা প্ৰজন্মৰ আশাবোৰ
ড্ৰাগছৰ নিচাত হেৰাই গৈছে 
সামাজিক বান্ধোন আৰু সম্পৰ্কবোৰ 
সজাগ হোৱাৰ সময় তেনেই সমাগত ৷


ৱাহিদ আহমেদ
কাটাৰ, ডোহা
 

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.