মৃত্যু উপত্যকা
মৃত্যু উপত্যকা
আৰু জুই জ্বলাবলৈ নাহিবা
মৃত্যু উপত্যকাত
চেতনা বৰ্জিত ঠাই ভীষণ প্ৰদুষিত
আবেগ সঞ্চালিত হয় তৰিৎ গতিৰে
মৃত্যুৰ কবলত নিচাসক্ত যুৱকে
এই নৰকত সময় পাৰ কৰে ।
সন্তান আছে নিলগত
সাধনাৰ কুটিৰত পিতৃয়ে স্বপ্ন দেখে
পুত্ৰকন্যা ভাল মানুহ হোৱাৰ ।
ধূসৰিত সময়
সুৰংগৰ পথেৰে যায় আগুৱাই
বিচাৰি বিচিত্ৰ পৃথিৱী এখন
তাত শৰাধ কৰে কষ্টোপাৰ্জিত ধন
নিচাগ্ৰস্ত এজাক তৰুণে ।
মন চঞ্চল ক্ষণিক বিহ্বল
যতি পৰে বহু জনৰ শৈক্ষিক জীৱন
পিতৃ কোঙা হয় ধাৰৰ বোজাত
সন্তান অভ্যস্ত নিচা সেৱনত
দুৰ্ভাগ্যই টেটুচেপা দিয়ে দুৰ্ভগীয়া পিতৃক।
নিচাগ্ৰস্ত পুত্ৰ-কন্যাই
নিশা নৃত্য কৰে ৰঙীন স্বপ্নৰ মজিয়াত
উন্মাদনাত কটাই উজাগৰি নিশা।
যৌৱন জাহ যায় নষ্ট পথত
অধঃপাতে যায় এচাম সুঠাম যুৱক
অনুশোচনাত দগ্ধ হৃদয়
স্বপ্নভংগ সময়ত বাট হেৰুৱাই
দুঃস্বপ্নই হেচি ধৰে
এইয়া আতংকিত দুৰ্বিষহ জীৱন ।
নিচাসক্ত সকলক বচাবলৈ
সন্মুখত আছে দুটা পথ
স্বপ্নময়ী সুগম পথৰ জীৱন
আনটো মৃত্যু উপত্যকাৰ দুৰ্গম স্থান ।
এটাই শ্লগান
নিচামুক্ত এখন পৃথিৱী কাম্য আমাৰ।
========================
অনন্ত কুমাৰ ভূঞা
ৱাৰ্ড নং-৩, নকাড়ি,
উত্তৰ লক্ষীমপুৰ-৭৮৭০০১
লক্ষীমপুৰ, অসম ।
No comments