মৃত্যু মোতকৈ অকলশৰীয়া
মৃত্যু মোতকৈ অকলশৰীয়া
এই পৃথিৱীত যদি মই নাথাকো
বন্ধহৈ নায়ায়
পৃথিৱীৰ আহ্নিক গতি কিম্বা বাৰ্ষিকগতি
কক্ষৰ পৰা কক্ষ্যচুত্য নহয়
চন্দ্ৰ,সূৰ্য্য অথবা পৃথিৱী
স্তব্ধ হৈ নায়ায় ঘড়ী
নিজৰ নিজৰ কক্ষচক্ৰত সকলো থাকিব ঘূৰি
নিৰিবিচ্চিন্ন ভাৱে
চক্ৰীয় ভাবে
নিজৰ কক্ষক কেন্দ্ৰ কৰি
দিনৰ পিছত ৰাতি
ৰাতিৰ পিছত আকৌ দিন
মাহৰ পিছত মাহ
বছৰৰ পিছত বছৰ
ঋতুৰ পিছত ঋতু
আহিয়েই থাকিব,আগত যেনেদৰে আহিছিল
বেলিটি প্ৰতিদিনয়েই ভূমুকি মাৰিব
পশ্চিম আকাশৰ বুকুত
নিজৰ চিৰপৰিচিত হাঁহিৰ সৈতে
জোনবাইয়ে আকাশৰ বিশালতাত
সিচি থাকিব জোনাকী ৰসনৰ আৱিৰ
মুঠতে মোৰ অনুপস্থিতিত
কোনো দুখী নহয়, কোনো নহয়
কোনোৱেই হেৰাই নেপেলায়
নিজৰ মাদকতা
নিজৰ স্বকীয়তা
এই পৃথিৱীত মোৰ কোনো প্ৰয়োজন নাই
মুঠতে পৃথিৱীৰ বাবে
মই পেলনীয়া সামগ্ৰী
যেতিয়াই এইবোৰ থাকো ভাৱি
অজান পোলকে বুকুৰ মাজত ক্ৰিয়া কৰেহি
মনে মনে বৰ আনন্দ পাওঁ
কাৰন মৃত্যু দেখুন মোতকৈ বেচি অকলশৰীয়া
মোতকৈ বেচি নিচলা
মোতকৈ বেছি অসহায় তাৰ অৱস্থা
কাৰন তাৰ দেখুন নাই কোনো লগৰীয়া
নেৱাজ শ্বৰিফুল হক
No comments