ভাৱনাৰ বুৰবুৰনি
ভাৱনাৰ বুৰবুৰনি
যদি হঁলহেতেন এনেকুৱা এটি ৰাতি
হাত হাত ৰাখি,মোৰ কাষত বহি আছা তুমি
আৰু আমি দুজনক লুকাই লুকাই চাই থাকিব
নীলিম আকাশৰ জোনাকে, জোনাকী ৰসন সানি
লক্ষ লক্ষ তৰাবোৰেও আন্ধাৰৰ বুকুত আকিব ফুলাম চানেকী
জ্বলাই নিজৰ চিৰপৰিচিত চাকি
আমি দুয়োকে দেখি দেখি
এনে এটি ৰাতিৰ কথা বাৰু ভাৱানে তুমি?
তুমি ভাৱা নাইবা নাভাৱা মই কিন্তু ভাৱো এনে এটি ৰাতি
কল্পনাৰ সাগৰত সাতুৰি নাদুৰি
অনুভৱ কৰো মোৰ কাষত তোমাৰ উপস্থিতি
তোমাৰ কোলাত মূৰথৈ আকাশৰ তৰা আছো গনি
জোনাকৰ সোনালী জোনাকীত
তোমাৰ জোনাকীমূখনত উদিত হয় যেন আন এক জোনাকী
মোৰ পিনে চাই কপা কপা মাতেৰে কিবা কব খোজা তুমি
স্পষ্ট নহয় তোমাৰ কথাবোৰ,কিন্তু বুজি পাও মই তোমাৰ অস্ফুট ধ্বনি
চাই থাকো মই একেথৰে তোমাৰ গোলাপৰ পাহি যেন ওঠ দুটি
হাহাকাৰ কৰি উঠে বুকুৰ উপত্যকা তাৰ স্পৰ্শ বিচাৰি
বুজিপাই মোৰ চাৱনিৰ অৰ্থটি
লাজত দুতাহে তুমি মূখ দিয়া ঢাকি
অলপ পিছত লাহে লাহে আতৰোৱা তুমি হাত দুটি
আকৌ দৃষ্টিগোচৰ হয় তোমাৰ জোনাকীমূখখনি
লাহে লাহে মোৰ ওঠৰ ওচৰত আহি থাকে নামি
তোমাৰ জোনাকী মূখৰ ওঠ নামৰ দুটি গোলাপী পাহি
এইবাৰ লাজত জাপ খাই যায় মোৰ চকুৰ পতা দুটি
জোনাকৰ জোনাকীৰ মদকতাত উঠে মোৰ বুকু কপি
মায়াময় পৃথিৱীৰ কায়াই তেতিয়া মোক যায় হেঁচুকি
মোৰ ভাৱনাৰ পৃথিৱীত লগাই খেলিমেলি
কিন্তু আকাশত বিলীন নহয় জোনাকৰ জোনাকী
অথবা তৰাবোৰৰ স্বকীয় হাঁহি
মোৰ ওচৰত এনে এটি ৰাতিতে আহা তুমি
জোনাকী মূখত থকা গোলাপৰ পাহিৰে কোৱাহি
তুমি মোৰ মাথো মোৰ আৰু যুগে যুগে মই তোমাৰ।।।
নেৱাজ শ্বৰিফুল হক
No comments