সাম্প্রতিক পৰিস্থিতিৰ কিছু কথা

 সাম্প্রতিক পৰিস্থিতিৰ কিছু কথা



অনেকে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যা সৃষ্টিৰ বাবে অহৰহ প্ৰচেষ্টাত ব্ৰতী হৈ থাকে। অনেক আছে এনে গুণৰ অধিকাৰী যিয়ে বিচাৰে সৃষ্টি হওক শত্রু,ধ্বংস হওক সমাজ, আদায় হওক মুনাফা। যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্রত অভিনৱ আচৰণ কৰাটো যে বহুতৰে নিচা হৈ পৰিছে। তাতে যদি আপুনি, মই, আমি সৱে ইন্ধন যোগাও পৰিস্থিতি কি হ'ব পাৰে?
এই যে আধুনিক যুগ, জ্ঞানৰ বিস্ফোৰণ হোৱা বুলি সকলোৱে একমুখে স্বীকাৰ কৰোঁ। আৰাম দায়ক জীৱন ব্যৱস্থাপনাৰ ছন্দে ছন্দে আধুনিকতাই গ্ৰাস কৰিছে, পেলাইছে প্ৰভাৱ বসুন্ধৰাৰ চুকে-কোণে। সমান্তৰাল ভাবে কিন্তু বিবেকৰ আদালতে যেন আন কিবা কিবিহে জুকিয়াই ফুৰে।
আজি ব্যক্তিগত অথবা সামাজিক দিশত ভালদৰে ফহিয়াই চালে দেখা পাঁও এক উন্নত সমাজ জীৱনৰ ভয়ংকৰ ছৱি। কিয়নো প্ৰত্যেকৰে ব্যক্তিগত কিম্বা সমাজ জীৱনত চলিছে তুমুল প্ৰতিযোগিতাৰ ছত্ৰছায়া। হয়, প্ৰতিযোগিতাই আগুৱাই লৈ যায় মানৱ জাতীক। কিন্তু সেই প্ৰতিযোগিতাৰ পৰা যদি নিগৰে হিংসা-প্ৰতিহিংসা, শীতল যুদ্ধ কিম্বা প্ৰত্যেক্ষ যুদ্ধ। সেয়া জানো প্ৰতিযোগিতা? সেয়া জানো জীৱশ্রেষ্ঠৰ কৰণীয়?
আজি যেন সঁচাকৈয়ে সেয়াই হ'ব গৈ আছে অথবা হৈছে। ভাই-ককাই, ওচৰ-চুবুৰীয়া, গাঁৱে-গাঁৱে, জাতিয়ে জাতীৰ সৈতে, ৰাজ্যই ৰাজ্যৰ সৈতে আনকি দেশে দেশৰ সৈতে তুমুল প্ৰতিযোগিতাৰ এক চুড়ান্ত পৰ্যায় পাইছে। সেয়া জানো শ্ৰেষ্ঠ জীৱৰ কাম? বিনন্দীয়া জগতক যেন জ্বলাব বিচাৰিছে প্ৰতিহিংসাৰ ঢৌৱে।
বাহ্যিক দিশত মানৱতাৰ মালা পিন্ধি কথাত চহকী কৰ্মত পিছ হোঁহকা লোকৰ নাই অভাৱ। আভ্যন্তৰীণ দিশত নিজকে প্ৰশ্ন কৰিলেই যেন উমান পোৱা যায় বহুত খিনি। মিথ্যা, অন্যায়, কু-কৰ্ম, হত্যা, লুণ্ঠন, ব্যাভিচাৰ, ধৰ্ষণ, ছলনা, ধৈর্য নধৰি তিলটোকে তাল কৰা, উগ্রবাদীতা ইত্যাদি নানা ধৰণৰ অপ্রীতিকৰ ঘটনাই শান্তি কাঢ়ি নিয়ে প্ৰতিনিত।
আজি মন্দিৰ- মছজিদৰ নাই অভাৱ। এইবোৰ বৃদ্ধি হৈছে দিনক দিনে। ধৰ্মৰ কথা প্ৰায় সৱৰে মুখে মুখে কিন্তু ধৰ্মৰ নামত যেন চলিছে বেপাৰ। কোন ধৰ্মই শিকায় অন্যায়-অত্যাচাৰ, হিংসা-প্ৰতিহিংসা কিম্বা অমানৱীয় কৰ্ম? কোন ধৰ্মই বিচাৰে অশান্তি? কোন ধৰ্মই সমৰ্থন কৰে উগ্রবাদীতাক? হিন্দু-মুছলিম কৰি কৰি অনেক ক্ষতি হৈছে সমাজৰ, ক্ষতি হৈছে জাতিৰ, ক্ষতি হৈছে দেশৰ প্ৰগতিৰ। তেজ যিহেতু একে, জন্ম-মৃত্যু একে, জীৱন সংগ্রাম একে, তেন্তে প্ৰভেদ আনিলে কোনে? যি সময়ত দ্ৰুতগতিত আগুৱাই যাব লাগে, সেই সময়ত নিজৰ নিজৰ মাজতে অৰিয়া-অৰি কৰি আমি পাইছোনো কি? অস্থায়ী জীৱনত কৰ্মক দূৰৈত থৈ হিংসা- বিদ্বেষৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰে আয়ুসক জুখিলে চাৰিঠেঙীয়াও হাঁহিব।
বিশিষ্ট লিখক ভৱেশ নাথ দেৱে সংস্কৃতি সন্দৰ্ভত তেওঁৰ বক্তব্য হৈছে, "বাৰেৰহণীয়া সমাজ আৰু সংস্কৃতিৰে অসম সাম্প্ৰদায়িক ঐক্যৰ এক মিলনভূমি। জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে জনগণৰ মাজত অতীজৰে পৰা চলি থকা মৰম আৰু ভাতৃত্ববোধৰ জৰীডাল ৰাজনৈতিক মেৰপেচত ছিগি টুকুৰা টুকুৰ কৰাৰ অভিষন্ধি যুগে যুগে চলিয়েই থাকে।" কথাটো যুক্তিসংগত।
অন্যদিকে সমগ্ৰ পৃথিৱীয়েই এক জটিল পৰিৱেশৰ মাজেৰে আগুৱাইছে। ক’ভিড ১৯ অতিমাৰী।ক’ভিডত আক্ৰান্ত হোৱা অথবা আক্রান্ত নোহোৱা সকলে ৰুগ্ন জীৱনৰ প্ৰতি আস্থাহীন আৰু নিৰাপত্তাহীন মনোভাৱেৰে জীৱন কটাইছে। সকলোৱে মনতে ভাবিছে সোনকালেই পাৰ হৈ যাওক এই দু:সময়।বহুদিন বহু ক্ষতিৰ অন্তত কিছু শাম কাটিছে অতিমাৰীৰ পৰা। এনে এক জটিল ক্ষণত আমাৰ কৰণীয় কি হ'ব লাগে আৰু আমি কৰিছোঁ কি! সঁচাকৈয়ে দুখ লাগে। সেইদৰে অন্যান্য প্ৰাকৃতিক কিম্বা মানৱসৃষ্ট দুৰ্যোগে কৰিছে নিতৌ বৃহৎ ক্ষতি।
সৰ্বদিশত যেন আমি জীৱশ্রেষ্ঠৰ নামত পৰাজয় বৰণ কৰিব লগা হৈছে। থৈছোঁ সামৰি জাতি কিম্বা দেশৰ মেৰুদণ্ড স্বৰূপ যুৱ সমাজৰ উশৃঙ্খলৰ কথা,মাদকদ্রব্যৰ কথা, পৰিৱেশ প্ৰদূষণৰ কথা,নিবনুৱা যুৱক-যুৱতিৰ কথা, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশৰ কথা। অন্যফালে জনপ্রিয় ফেচবুকৰ মাধ্যমত কিছুমান তথাকথিত অল্প শিক্ষিত মুছলমান অথবা হিন্দু সম্প্ৰদায়ৰ লোকে সাম্প্ৰদায়িক জনিত কিছু পোষ্ট আৰু মন্তব্য কৰে যিবোৰে বাৰুকৈয়ে সচেতন মহলক নিতৌ মনোকষ্ট দিয়ে। অনাহকতে সংঘর্ষৰ সৃষ্টি কৰি তেওঁলোকে হয়তো অনেক পুৰস্কাৰ পায় যেন ধাৰণা হয়।
সাম্প্ৰতিক এশ-এবুৰি সমস্যাই চৌপাশ আগুৰি আছে। কেৱল মাথোঁ চৰকাৰে সকলো সমস্যা সমাধান কৰিব বুলি কৈ থলে হয়তো সমস্যাবোৰ সমস্যা হৈয়ে বাঢ়ি গৈ থাকিব। জীৱশ্রেষ্ঠ অথবা মানুহ নামৰ ঠাইত হয়তো দুই ঠেঙীয়া জন্তু নামাকৰণ পায় যাব লাগিব। যিকি নহওক কিয়, আমি আটায়ে ঐক্যবদ্ধ হৈ নোৱাৰোঁ নে গাবলৈ মানৱতাৰ গান? নোৱাৰিনে দুদিনীয়া জীৱনত ধৈর্য-সহ্য ধৰি শান্তিৰে জীয়াই থাকিবলৈ? মজবুত আৰু দৃঢ় কৰিব নোৱাৰিনে সম্প্ৰীতিৰ এনাজৰীডাল? ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ক্ষেত্রতো প্ৰতিনিধিত্ব কৰা সকলে নোৱাৰেনে মানুহ হিচাপে অকণমান ত্যাগ স্বীকাৰৰ যোগেদি সহযোগিতা কৰি প্ৰকৃত মানুহৰ পৰিচয় দিবলৈ? ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংহতি মজবুত কৰিব নোৱাৰিনে? জলন্ত মমৰ আয়ুসৰ দৰে এদিন নহবনে অন্ত আমাৰ? যুদ্ধৰ আসনখনি শান্তিৰ আলোচনাক দিব নোৱাৰিনে?
ইয়াৰ বাবে লাগিব হয়তো সুন্দৰ মানসিকতা, সুস্থিৰ আৰু স্বচ্ছ চিন্তাধাৰা, নিজৰ নিজৰ দায়িত্ব ও কৰ্তব্য সঠিক ৰূপে পালন কৰা আৰু অকণমান সহযোগিতা। লাগিব অস্থায়ী জীৱনৰ উপলব্ধি ও ভৱিষ্যত প্ৰজন্মৰ বাসপোযোগী কৰি ৰখাৰ পণ। ৰাজনৈতিক ফালৰ পৰাই হওঁক অথবা অৰ্থনৈতিক দিশৰ পৰাই হওঁক, শত বাধাকো নেওচি আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধ হৈয়ে আগুৱাই যাব লাগিব নহলে যে বৃহত্তৰ মানৱ জাতি ৰসাতলে যাব। সজাব লাগিব সুন্দৰ আৰু শান্তিৰ বাসপোযোগী বসুন্ধৰা। হয়, আমাৰ নিজৰ নিজৰ সাতামপুৰুষীয়া ঐতিহ্যক ধৰি ৰাখিব লাগিব অৱশ্যে এই ক্ষেত্ৰত সংস্কাৰ ও সংশোধনৰ প্ৰয়োজনীয়তাক খুবেই গুৰুত্ব আৰোপ কৰিব লাগিব। হজৰত মহম্মদ (ছ:) য়ে কৈছে, " Removing painful things from the streets, guiding the blind, selflessly always engaged in human service. অৰ্থাৎ " ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আতৰ কৰা, অন্ধজনক পথ দেখুৱাই দিয়া, নিস্বাৰ্থভাৱে সৰ্বদা মানৱসেৱাত লাগি থকা।" তেখেতে কৈছে, " Whoever fulfills the needs of another person, then Allah will make him 100 requirements and if someone co-operates in the sufferings of the people, Allah gives him a compassionate eye. "অৰ্থাৎ " যিয়ে অন্য ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰি দিব পৰকালত আল্লাহ তায়ালাই তেওঁক ১০০ প্ৰয়োজন পূৰণ কৰি দিব আৰু মানুহৰ দুখ-দুৰ্দশাত কোনোবাই সহযোগিতা কৰিলে আল্লাহ তায়ালাই তেওঁৰ প্রতি কৰুণাৰ দৃষ্টি দিয়ে।"
সাম্প্রতিক সময়ৰ বহু কথাই মনলৈ আহিছে যদিও লিখনিতে সকলো সমস্যা সমাধান নহয় বুলি ভাবোঁ। মহাত্মা গান্ধীৰ মহৎ বচনেৰে সামৰি ল'ব বিচাৰিছোঁ।
“Your beliefs become your thoughts,
Your thoughts become your words,
Your words become your actions,
Your actions become your habits,
Your habits become your values,
Your values become your destiny.”
অৰ্থাৎ "আপোনাৰ বিশ্বাস আপোনাৰ চিন্তা হৈ পৰে,
আপোনাৰ চিন্তাবোৰ আপোনাৰ কথা হৈ পৰে,
আপোনাৰ কথাবোৰ আপোনাৰ কাম হৈ পৰে,
আপোনাৰ কামবোৰ আপোনাৰ অভ্যাস হৈ পৰে,
আপোনাৰ অভ্যাসবোৰ আপোনাৰ মূল্যবোধ হৈ পৰে,
আপোনাৰ মূল্যবোধ আপোনাৰ ভাগ্য হৈ পৰে।"

বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.