প্রজাতন্ত্র
প্রজাতন্ত্র
বিমল শৰ্মা
আতীন্দ্রীয় চিৰজাগ্রত.............
বাস্তৱত উপলব্ধ অন্তহীন
যাত্রা এই মৃত্যু পৰ্য্যন্ত
অহৰ্নিশে নিশ্চিত দেশৰ...........
জনগন নিশ্বাসৰ গভীৰ আস্থাত
উভতিচাওঁ সুদূৰ দেশৰ
ৰাজনীতিৰ দৃষ্টিৰ দ্রষ্টাক,
প্রতিদান কিমান বিৰাজমান ?
ৰক্ষাকাৰীৰ প্রজাতন্ত্রত.........
নীতিগত নীতিশিক্ষাৰ...........
বিপথে পৰিচালিত জনগন
আজি সচেতন ?...................
তথাপিও বাকৰূদ্ধ আত্মপ্রকাশত
হয় যদি প্রকাশ্যেভাবী.................
ৰাস্ত্রৰ ৰাজদণ্ডত ৰাস্ত্রদ্রোহী
স্বীকাৰ্য্য অনিবাৰ্য্য ?. ...................
কাণ্ডজ্ঞানহীন নেতা-পালীনেতাৰ
ভুল-ভ্রান্তিৰ নীতিগত তাণ্ডৱত
অলৰ-অচৰ ৰাজতন্ত্র !
বিবেকৰ জ্ঞানক দোহাই দি
দেশৰ জনগন পৰিনমস্কাৰ
দেশৰ চিৰজাগ্রত প্রহৰীক !
.jpeg)
No comments