শাওণৰ বোকাময় পথাৰ
শাওণৰ বোকাময় পথাৰ
কোন তুমি শাওণৰ বোকাময় পথাৰত,
ওঁঠ দুটিত তামোল পাণৰ ৰং হানি
শাওণৰ পথাৰত সোণগুটি বিচাৰি
বোকা পানীৰে লুতুৰি পুতুৰি হৈ ভূঁই ৰোৱা?
বৰ ধুনীয়া লাগিছে মৰম লাগিছে,
গোলপীয়া গাল দুটিত শেতা পৰি আছে
পিঠিৰ ছালখন ৰ'দত পুৰি বৰষুণত তিতি
ওঁঠত মিচিকীয়া হাঁহি মনত আনন্দ
তুমি নে কি অসমীয়া ৰোৱনী ?
তামোলৰ পিক্ পেলায় পেলায়
শাওণৰ পথাৰত সপোন দেখিছা
কেঁচুৱাক পিঠিত বান্ধি লৈ শাওণৰ
পথাৰত আৰু কিমান ব্যস্ত থাকিবা ?
নাই যে তোমাৰ বাগৰ নাই যে তোমাৰ
গৰম এটাই উদেশ্য আঘোণ মাহত লক্ষী
আহি ভঁৰালত থাকিব লাগিব।
ছেলিমা বেগম
নগাঁও , বলিকটীয়া
No comments