মাদকদ্রব্য আৰু সমাজত ইয়াৰ কু -প্রভাৱ
মাদকদ্রব্য আৰু সমাজত ইয়াৰ কু -প্রভাৱ ।
মাদকদ্রব্য হল শৰীৰৰ বাবে অতি ক্ষতি কৰক নিচাযুক্ত দ্ৰব্য সেৱন কৰিলে শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়। মদ ভাং, বিৰি চিগাৰেট, ড্ৰাগছ, সাধা আদি কৰি বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্য।
সমাজত ইয়াৰ ক-ু প্ৰভাৱ ---
আজি কালি মানুহৰ মাজত ইয়াৰ প্ৰভাৱ অতি বিপদজনক বাবে বিস্তাৰ হৈ আছে। ইয়াৰ কু-প্ৰভাৱৰ ফলত সমাজৰ উঠি অহা নৱপ্ৰজন্মৰ ভবিষ্যত ধ্বংস হৈ আছে। নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী চলাই নিয়াৰ ফলত মৃত্যুৰ মুখত পৰিব নিজৰ পৰিয়ালৰ বিপদ মাতি আনিছে। নিচাযুক্ত দ্ৰব্য সেৱন কৰি বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় আছে। যাৰ ফলত আমাৰ সমাজত এনেকুৱা হৈছে যে ধৰ্ষণ, লুন্ঠন, পৰকীয়া প্ৰেমৰ প্ৰভাৱ বেছি দেখা গৈছে। ভদ্ৰ লোকে এই নিচাযুক্ত দ্ৰব্য সেৱন কৰি বিপদ মাতি আনি ঘৰত হাই কাজিয়া কৰি নিজৰ সন্তানক ভাল শিক্ষা দিব পৰা নাই ।যেতিয়াই মন যায় তেতিয়াই যি কোনো ধৰণৰ বেমেজালি সৃষ্টি কৰিব পাৰে। বাটে পথে এনেকুৱা কিছুমান ঘটনা ঘটে কোনোবা দাঁতিৰ কাষত, নলা নৰ্দমাত পৰি বিপদ চপাই আনে। মাদকদ্রব্য সেৱনৰ ফলত সমাজৰ বাবে বেয়া নিজৰ বাবেও বেয়া।
সমাজৰ পৰা আমি এনেবোৰ কাম কৰা মানুহক সমাধান কৰিব লাগিব যাতে প্ৰতিগৰাকী সদস্য নিজৰ সমাজৰ বাবে সজাগতা অবলম্বন কৰিব লাগিব। উঠি অহা নৱপ্ৰজন্মৰ ভবিষ্যতৰ কথা চিন্তা কৰিব লাগিবই। উঠি অহা নৱপ্ৰজন্মৰ যাতে কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন নকৰে তাৰ প্ৰতি চকু দিব লাগিব। আজিৰ যুগত মানুহে নিজৰ বিপদ নিজেই মাতি আনিছে। উৰ্ধমান যুৱক যুৱতী সকলৰ মাজত এনেকুৱাই প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি চকু দিব লাগিব। "আমাৰ সমাজ আমাৰ ভবিষ্যত বিপদমুক্ত আমি হ'ম "আহক আমি প্ৰত্যেকেই প্ৰতিশ্ৰুতি লও ।
ছেলিমা বেগম
জিলা নগাঁও
ডাকঘৰ বলিকটীয়া
পিন নম্বৰ 782122
No comments