বিধ্বস্ত
বিধ্বস্ত
সবিতা বেগম, বৰপেটা।
ভুৱা প্ৰেমৰ প্ৰলয়ে বিধ্বস্ত !!!
আশাৰ ৰঙীন পৃথিৱী
বাৰুকৈ কোলাহিত,
বিশ্বাস নিঠৰুৱা
নিশ্বাসৰ চাদৰখন মূৰত লৈ
চন্দনৰ ফোঁট কপালত আকি
কোনো মতে পূজা
কৰাৰ প্ৰয়াস ।
ভুল ...
সকলো তোমাৰ ভুল
নাই মই থমকি যোৱা নাই
তোমাৰ মিছা প্ৰেমৰ আঁচোৰ লাগি
মোৰ ক্ষুদ্ৰ কলমটো
থমকি যোৱা নাই ।
জীৱন নামৰ গল্পৰ
পৃষ্ঠা, শিৰোনাম অধ্যায়ন কৰাৰ
প্ৰবল হাবিয়াস ।
মনঘোঁৰা চিকাৰ ল'ব পৰা
হ'লেই প্ৰায় ...
এতিয়া মোৰ লগতেই থাকে
আৰু থাকিব বিচাৰে।
এয়াই সপোন আৰু বাস্তৱতা
অনুভৱে অভিজ্ঞতা
সিদ্ধান্ত সময়ৰ।
হয়তো এদিন
নহয়তো কোনোবা এদিন
মৰহি নগ'লে ফাগুনৰ বিবস্ৰ ডালে
পৰিধান কৰিবই বস্ত্ৰ।
মিছাতেই নষ্ট কৰিলোঁ
উকা হাত
এমুঠি জেতুকাৰ নামত।

No comments