জীৱন নামৰ নৌকাখনি
জীৱন নামৰ নৌকাখনি
জীৱনৰ নৌকাখনিত
বৈঠা মাৰি মাৰি আজি
ভাগৰুৱা হৈ পৰিছোঁ।
ক'ৰবাত গৈ ৰ'বলৈয়ো
কেৱল পানীয়ে পানী।
পাৰ বিচাৰি বিচাৰি
ভাগৰি পৰিছোঁ আজি,
জীৱনৰ নৌকাখনিত
বৈঠা মাৰি মাৰি।
সাগৰৰ ঢৌবোৰে দেখোন
বোৰাব খুজিছে মোৰ
জীৱনৰ নৌকাখনি।
জীৱন নামৰ নৌকাখনিৰ
মই হৈছোঁ অকলশৰীয়া যাত্ৰী
নাই কোনো মোৰ সহযাত্ৰী।
দুহাত এৰি দিলোঁ মই
বৈঠাৰ পৰা,
নদীৰ সোঁতে সোঁতে মই
কেৱল গৈ থাকিলোঁ।
গৈ গৈ এমুৰত মই
পাৰ বিচাৰি পালোঁ,
জীৱনৰ নৌকাখনি
তাতে ৰখালোঁ।
অচিনাকি পাৰত মই মোৰ
দুভৰি দিলোঁ,
জীৱনৰ নৌকা খনিৰ পৰা নামি।
দুভৰি দিলোঁ সঁচা-
কিন্তু খামুচিব নুৱাৰিলোঁ
মই মোৰ দুভৰি।
পুনৰ গৈ উঠিলো মই
জীৱন নামৰ নৌকাখনিত,
বান্ধি থোৱা ৰছী
পাৰৰ পৰা খুলি।
সংগীতা ৰয়, ঢকুৱাখনা।
No comments