বিকল্প

 বিকল্প

             

বজাৰত জ্বলিছে জুই

নুমাব যে.......

পোৱা নাই উমান!


চিলিণ্ডাৰটো বাৰু নজ্বলাওঁ

খৰিকে জ্বলাম,

কেঁচা খৰিৰ ধোঁৱাৰে চকুৰ নৈ বোৱাম।


দাইল-মাহ নাখাওঁ বাৰু

বন-পাতৰ জোলেৰেই

ভোকৰ পেটটো ভৰাম।


ইলেকট্ৰিক লাইট বাৰু নজ্বলাওঁ

আবেলিতে ৰান্ধি -মেলি

সন্ধিয়ালৈ শুই যাম।


বেমাৰবোৰৰ প্ৰতিৰোধ নো কেনেকৈ কৰিম

জীৱন দায়িনীবোৰৰ আকাশলংঘী  দিনত

তাৰ বিকল্প নো কি বিচাৰিম !


দিপ্তী মনি গোস্বামী, লখিমপুৰ (লালুক)


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.