অকলশৰীয়া মই

 অকলশৰীয়া মই

আহিছোঁ অকলে ,যাব গৈ লাগিব অকলে...!

সকলোৰে মাজত অকলশৰীয়া যে মই।

ভিৰৰ মাজতো আজি অকলশৰীয়া মই..।

স্বাৰ্থপৰ পৃথিৱীত কোনো যে নহয় আপোন...!

সময়ৰ লগতে সকলো যে পৰিৱৰ্তনশীল ।

আজি অকলশৰীয়া যে মই...।

সকলো এৰি থৈ যাবগৈ লাগিব যে এদিন..! 

থাকিও আজি মই নথকাৰ দৰেই যে বিহীন..!

সকলো থাকিও যে আজি অকলশীয়া মই....!

নিশব্দৰ দৰেই আজি অকলশৰীয়া মই...।

অৰ্থ অবিহনে কোনো যে নহয় আপোন...

টকাৰ সৈতে যোগ্যতাও যে আজি কঠিন..।

জীৱন বাটত বিফল যে মই...।

সকলোতে ব্যৱহৃত যে মই!

দেশৰ মাজত নিন্দীত, লাঞ্চিত-বঞ্চিত যে মই ..

সকলোতে আজি অকলশৰীয়া যে মই...।

          -মোজাহিদুল আলম

                লখিমপুৰ

        

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.