কবিতাৰ চহৰত

কবিতাৰ চহৰত  

                                                    শান্তা দাস 



কবিতাৰ চহৰত মই 

     এজন সৰু বালক। 

       অবুজৰ দৰে মই

          মাত্ৰ কবিতাৰ চালক।


মোৰ,,,,, 

   নাই ভাল ৰূপ,

     নাই ভাল গুণ,

        তাৰ বাবেই মই চুপচাপ। 

          তথাপি নাপাহৰিলোঁ প্ৰেমৰ অর্থ,

              য'ত নাই কোনো পাপ।


মই শিকিব আহিছোঁ, 

     লিখিব নোৱাৰোঁ বুলি।

        যদি কৰবাত অলপ ঠাঁই হয়,

            কবিদলৰ এজন বুলি।


মোৰ না আছে শক্তি, 

    না আছে ভক্তি, 

       কবিসকলৰ দৰে লিখাৰ। 

           তথাপি হাৰ নামানি 

             চেষ্টা কৰো কিবা লিখাৰ।


কবিতাৰ প্রেক্ষাপটত মই কথা পাতো,

   কবিতাৰ মাজত হৈ আবদ্ধ। 

      বেলেগ কামত মন আৰু নবহে

         কবিতাৰ মাজতে পাওঁ শান্তিৰ বাদ্য।


মই কাগজে-কলমে কবি হ'ব নোৱাৰিলোঁ, 

   তাক লৈ নাই কোনো কষ্ট। 

     তথাপি এটা মুহুর্তও কবিতাক বাদ দি,

        নকৰোঁ সময় নষ্ট।


✍,,,,,

লংকা, হোজাই, অসম 

দিনাংক :- 18/8/2023


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.