যুদ্ধ নিবিচাৰোঁ
যুদ্ধ নিবিচাৰোঁ
হাইছ উদ্দিন আহমেদ
পূব কুটায়নী, মধ্যশিয়ালমাৰী, নগাঁও
আজিও দেশে দেশে ভোগী আছে শত্ৰুতাত
ক্ৰন্দনৰ চিঞৰ উৰে শূন্যতাত।
হৃদয়ত ওপঙা মানৱতাৰ দুখ,
চৌদিশে লাওখোলাৰ ভীৰ শ্ৰমিকৰ অসুখ।
জাতি অজাতি সকলোৰেই দোষ,
নিৰপেক্ষ অসহায় বন্ধ মুখ।
ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সক্ষম মানৱতাৰ বলি,
বোমা, বাৰুদৰ ধোঁৱাৰ গোন্ধ পুৱা গধূলি।
যুদ্ধ নিবিচাৰোঁ বুলি ক'লেই জানো
যুদ্ধ নহয়,
ভোকাতুৰ চাৰিওফালে বিয়পি এতিয়া খাবলৈ নোপোৱা হয়।
এটা দেশে আন দেশক মাৰি শান্তি লৈছে,
জয়ৰ শ্লোগানেৰে বিজয়ৰ ঢোল বজাইছে।
মজলীয়া মানৱৰ কান্দোন কোনে শুনিছে!
আত্মীয়ক হেৰুৱাই আত্মাত্যাগ কৰিছে।
এতিয়া যুদ্ধ নিবিচাৰোঁ আৰু কেতিয়াও,
হাঁহি মিলাপ্ৰীতিৰে পুৱাৰ সূৰুয দেখা পাওঁ।
সেই সেউজীয়া পৃথিৱী ক'ত দেখা পাওঁ,
য'ত শান্তি আৰু সুৰক্ষাৰ ব্যৱস্থা দেখা নাপাওঁ।
যুদ্ধই নোৱাৰে আনিব কোনো সমস্যাৰ সমাধান,
যুদ্ধ হ'বই য'ত থাকে হিংসাৰ প্ৰলেপ সানিব,
নাই কোনো উপায়,নাই কোনো প্ৰমাণ।
মানৱতাৰ মাজত ষড়যন্ত্ৰৰ চক্ৰ হয়
বুজা বুজি নথকাৰ বাবেই যুদ্ধ হয়।
যুদ্ধত মৃত্যু হোৱা মাতৃহাৰা শিশুৰ কান্দোন কোনে শুনিছে,
ঘৰ-বাৰী নোহোৱা শিশুৰ দুখ কোনে অনুভৱ কৰিছে।
মানুহেই মানুহক মাৰি শেষ কৰিছে,
মানুহ মানুহৰ বাবে হৈ থকা নাই
বাট পথত তেজৰ টোপাল টোপ-টোপাইছে।
দেশৰ ভৱিষ্যৎ অসহায় শিশু অনাই-বনাই ঘূৰিছে,
কাৰোবাৰ সপোন আকাশ চুইছে,
কাৰোবাৰ সপোন মাটিত পোট খাইছে।
.jpeg)
.jpeg)
No comments