মনত জগাই তোলা দেশ প্রেম

 মনত জগাই তোলা দেশ প্রেম

হে নতুন ভাৰতৰ নব-যুৱক কাপুৰুষতাৰ শিকলি ছিঙি উলাই আহা

নিজ ভুমি নিজ, নিজ সমাজ

নিজ দেশ ৰক্ষাৰ্থে ,

মনত জগাই তোলা দেশ প্ৰেমৰ ভাবনা।

 

নিজ বল, বুদ্ধিমত্তাৰে গঢ়ি তোলা, 

এখন নতুন ভাৰত। 

য'ত নাৰাখিবা ধর্মৰ মাজত ভিন্নতা, 

জাতিৰ মাজত সংঘৰ্ষতা।


নিজ কৰ্মৰ জৰিয়তে, 

দেশৰ ভগ্যৰেখা সলাই দিয়া।

হে পুণ্য দেশৰ আত্মা, 

মনত জগাই তোলা দেশ প্ৰেমৰ ভাবনা। 

 

হে মহান দেশৰ নাগৰিক, 

তুমি হোৱা সৰ্বশক্তিমান।

নিজ বাহু-বলেৰে শত্ৰুৰ হৃদয়, 

কম্পিত কৰি তোলা।


দেশ মাতৃৰ স্বাৰ্থত কাম কৰি যোৱা, 

হে মহান দেশৰ নব-যুৱক।

কুন্ঠাবোধ নকৰিবা বিপত্তিক লৈ, 

সকলো বাধা নেওচি যোৱা নব-যুৱক।


হে স্বাধীন দেশৰ বীৰসকল, 

মনত জগাই তোলা দেশ প্ৰেমৰ ভাবনা। 

নিজ পৰাক্ৰমেৰে, নিজ বাহু বলেৰে,

স্বদেশ স্বজাতিক ৰক্ষা কৰি যোৱা।


শত্ৰুৰ দৃষ্টিত তুমি হোৱা আতংকিত এক নাম, 

দুখীয়াৰ বাবে তুমি হোৱা কৰুণাৰ নিধি।

ডাঙৰৰ দৃষ্টিত তুমি হোৱা এজন বৰেণ্য ব্যক্তি, 

সৰুৰ বাবে তুমি হোৱা তেওলোকৰ এজন বন্ধু।


পুনঃ মিনতি কৰিছোঁ, 

বাৰে বাৰে প্রার্থনা কৰিছোঁ

হে মহান দেশৰ নাগৰিক 

মনত জগাই তোলা দেশ প্ৰেমৰ ভাবনা। 



শান্তা দাস , লংকা, হোজাই, অসম 


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.