স্বাধীনতাৰ পবিত্ৰ ক্ষণ
স্বাধীনতাৰ পবিত্ৰ ক্ষণ
স্বাধীনতাৰ পবিত্ৰ ক্ষণত
মানব আদৰ্শৰ শপত লোৱা,
সমাজৰ পৰম্পৰা মানি চলা
প্ৰতিটো মূহুৰ্তত সমাজৰ কাষত থাকা,
সংস্কৃতিৰ ধাৰাবাহিকতা বৈ চলা
জন্মভূমিৰ প্ৰতি অকুণ্ঠ ভালপোৱা,
সেউজীৰ সুৰত সুৰ মিলাই
দিনক দিনে গছ-পুলি ৰোপন কৰা,
অনাথ-দুখীয়াৰ মাজত নিজৰ
সামৰ্থ্য বিলাই দিয়া,
মা, শিশুৰ স্বাস্থ্যৰ প্ৰতি
সদা সতৰ্ক দৃষ্টি দিয়া,
প্ৰতি নৱ প্ৰভাতী পোহৰত
নতুন কামৰ পৰিকল্পনা লোৱা।।
আশ্বিকুৰ ৰহমান শিকদাৰ।
জুৰীয়া, নগাঁও (অসম)

No comments