মই এজন খেতিয়ক
মই এজন খেতিয়ক
আমিৰ হুছেইন আহমেদ
মই এজন দেশৰ মাটিৰ খেতিয়ক
ৰ'দত পোৰা বৃষ্টিত তিতা মোৰ পিঠি
দেশৰ ভাত মুঠিৰ উৎপাদক
মোৰ বিজ্ঞান প্ৰযুক্তি
আন্ধাৰ
উদৰ ক্ষুধাৰ্ত অৰ্দ্ধ নগ্ন
পোছাক
যন্ত্ৰ মানৱ মই নিৰামিষ
ৰক্তচাপ
দেশৰ নীতিত ময়ে গঢ়ো
অৰ্থনীতি !
উন্নতি সমৃদ্ধিৰ ভাগ্য
নিয়ন্তা
বজ্ৰ কঠিন হাতত নাঙলৰ মুঠি
কোটি কোটি জনতাৰ সিদ্ধিদাতা
খলাবমা পথত দুখ ভাগৰৰ উজুটি
সুখৰ পৰিধি অন্ধ চলাথ নকৰোঁ
নিত্য কৰ্মত ব্ৰতি ঐতিহ্যৰ
বৃত্তি
ঘামৰ সাগৰত উটি ভাঁহি
ফুৰোঁ
জাঁজি হৈ হেৰুৱাওঁ নিজৰেই
স্থিতি !
উশাহ মোৰ ৰুগীয়া বিঘ্নিত
শান্তি
আবেগ বিবেক বিক্ৰী কৰিছোঁ
টিপচহীত মানৱ সম্পদ গঢ়িছোঁ
মধ্যভোগীয়ে মই কাঢ়া মাখন
খায়
চৰকাৰ নিৰৱ দৰ্শক ৰ'
লাগি চায়
বায়ুৰ সঁচ সাগৰত যেন মোৰ
খেতি
খৰ বানৰ বিপ্লৱত মোৰেই হয়
লটিঘটি !
তিলতিলকৈ গঢ়োঁ দেশৰ ভেটি
সেউজ বিপ্লৱী হয় মোব দেশৰ
মাটি
কৰ্মই ধুই নিয়ে নিদ্ৰাৰ
তেজাল পুৱা
মাটিৰ বুকুত গজাওঁ সোণালী
সোণগুটি
ধৰ্ষিতা পথাৰ ফচল বানে ধোৱা
তথাপি মই কৃষক-দেশৰ
দীৰ্ঘ-শ্বাস
নাঙলে কৰ্ফাল খায়-শূন্য
প্ৰযুক্তি
মান্ধাতা আৰ্হিৰ-কৃষিৰ
ক্ৰীতদাস
কোনে বুজিব মোৰ ত্যাগৰ
সন্ত্ৰাস ?

No comments