মাটিৰ মানুহ
মাটিৰ মানুহ
নৱজ্যোতি কাশ্যপ
(১)
শাওনৰ পথাৰত দেহৰ ঘামৰ
নিছানেৰে
তেওঁলোকে লিখে হেঁপাহৰ গান,
যাৰ প্রিয়,প্রিয় যাৰ বৰষুণ
কাৰণ তেওঁলোক মাটিৰ
মানুহ...
(২)
শাওনৰ পথাৰৰ
সেউজীয়া ধাননি- ডৰাই
তেওঁলোকৰ মনত জগাই
তোলে এটি নিভাঁজ হাঁহি,
কেঁচা খেৰীঘৰটোৰ সৈতে
তেওঁলোকৰ
এৰাতি সুখৰ,এৰাতি দুখৰ নিদ্ৰা,
কাৰণ তেওঁলোক মাটিৰ
মানুহ...
(৩)
গাঁওৰ ৰাতি কেতেকী চৰাইৰ
মাত
মুকলি আকাশৰ জোনটোৱে,
তেওঁলোকৰ হৃদয়ত জগাই তোলে
ভালপোৱাৰ হেঙুলীয়া
বাঁহী..!!
কাৰণ, তেওঁলোক মাটিৰ মানুহ।

No comments