অটল বিহাৰী বাজপেয়ী

 অটল বিহাৰী বাজপেয়ী  (Atal Bihari Vajpayee)

জন্ম চন:  ১৯২৪ চনৰ ২৫ ডিচেম্বৰ
জন্মস্থানঃ মধ্যপ্ৰদেশৰ গ্ৱালিয়ৰ জিলাৰ সীতাপুৰ গাঁও।
পিতৃ: কৃষ্ণ বিহাৰী বাজপেয়ী, এজন সন্মানীয় কবি আৰু সাহিত্যিক।
মাতৃ:- পূজাৰী কৃষ্ণ দেৱী।
দাদা:- সংস্কৃত পণ্ডিত শ্যামলাল বাজপেয়ী।
আদি নিবাস:- আগ্ৰা চহৰৰ পৰা ২০ কিলোমিটাৰ নিলগত যমুনা নদীৰ পাৰত অৱস্থিত প্ৰাচীন বিখ্যাত স্থান "বতেশ্বৰ গাঁও"।
ভাতৃসকল:- (চাৰিজন ভাতৃ) আবোধ বিহাৰী, সদা বিহাৰী, প্ৰেম বিহাৰী আৰু অটল বিহাৰী।
ভগ্নী:- (তিনি ভগ্নী) বিমলা, কমলা, উৰ্মিলা।
শিক্ষা:
গ্ৱালিয়ৰৰ "গোৰাখী প্ৰাথমিক বিদ্যালয়"।ভিক্টোৰিয়া। হাইস্কুলৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল আৰু উক্ত বিদ্যালয়ৰ পৰাই ইন্টাৰ পৰীক্ষাত উত্তীৰ্ণ হয়। আগতে বিদ্যালয়খনৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত অটলজীয়ে প্ৰথম স্থান দখল কৰিছিল।ভিক্টোৰিয়া কলেজৰ পৰা বি এ পৰীক্ষাত ১ম শ্ৰেণীত উত্তীৰ্ণ।উচ্চ শিক্ষাৰ বাবে কানপুৰৰ D.A.V মহাবিদ্যালয়ত নামভৰ্তি কৰি সেই মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত এম.এ. পাছ কৰে।
বক্তা

    হাইস্কুলীয়া দিনৰ পৰাই স্কুলৰ বিভিন্ন অনুষ্ঠানত ভাষণ দিছিল। বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰে।কলেজত পঢ়ি থাকোঁতে তেওঁ গ্ৱালিয়ৰ চহৰত এজন সক্ষম বক্তা হিচাপে পৰিচিত হৈছিল।কানপুৰ মহাবিদ্যালয়ত পঢ়ি থকা সময়তে তেওঁ বক্তা হিচাপে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। ছাত্ৰ-ছাত্ৰীৰ মাজত তেওঁৰ জনপ্ৰিয়তাৰ বাবে ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হোৱাৰ লগতে তেওঁৰ সক্ষম নেতৃত্বৰ বাবে ছাত্ৰ সন্থাৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়।

RSS যোগদান

    ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল বাজপেয়ীয়ে। অৱশ্যে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মতাদৰ্শৰ প্ৰতিহে অধিক আকৰ্ষিত হৈছিল অটল বিহাৰী বাজপেয়ী।ইয়াৰ পৰৱৰ্তী সময়ত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ বাজপেয়ীয়ে ১৯৫১ চনত ভাৰতীয় জনসংঘত যোগদান কৰে। যাৰ বাবে তেওঁ আৰ এছ এছত এজন স্বেচ্ছাসেৱক হিচাপে যোগদান কৰে। 

ৰাজনৈতিক দায়িত্ব

    ১৯৮০ চনৰ ৬ ডিচেম্বৰত দিল্লীত "ভাৰতীয় জনতা পাৰ্টি" গঠন হয় আৰু অটলজীক প্ৰতিষ্ঠাপক সভাপতি হিচাপে নিযুক্তি দিয়া হয়। পিছলৈ তেওঁ বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।


সংসদীয় ৰাজনীতি 

    ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে সংসদীয় ৰাজনীতিত যাত্ৰা আৰম্ভ কৰা অটল বিহাৰী বাজপেয়ীয়ে তিনিখন আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি উত্তৰ প্ৰদেশৰ বলৰামপুৰ সমষ্টিৰ পৰা সংসদ হিচাপে নিৰ্বাচিত হৈছিল। লোকসভাৰ সংসদ হিচাপে নিৰ্বাচিত হৈ শপত গ্ৰহণ কৰি বাজপেয়ীয়ে প্ৰদান কৰা তত্বগধূৰ বক্তব্যই সংসদৰ সকলো সদস্যৰ লগতে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক বিশেষ ভাৱে আপ্লুত কৰিছিল।বাজপেয়ীৰ ব্যক্তব্যত আকৰ্ষিত হৈ নেহৰুৱে ভৱিষ্যদ্বাণী কৰিছিল বাজপেয়ীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অংলকৃত কৰিব।

    ১৯৫৭ চনত ৩২ বছৰ বয়সত উত্তৰ প্ৰদেশৰ বালাৰামপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয়।১৯৫৭ চনৰ পৰা ২০০৯ চনলৈ তেওঁ সংসদীয় ৰাজনীতিত সক্ৰিয় ভূমিকা পালন কৰিছিল। মাত্ৰ দুবাৰকৈ লোকসভা নিৰ্বাচনত পৰাস্ত হৈছিল, প্ৰথম ১৯৬২ চনত আৰু দ্বিতীয় ১৯৮৪ চনত। ১৯৬২ আৰু ১৯৮৪ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। দীৰ্ঘদিন ধৰি সংসদত বিৰোধী দলৰ নেতা আছিল তেওঁ।১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ তেওঁ বিদেশ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ী

    ১৯৯৬ চনত ৰাষ্ট্ৰপতিৰ আহ্বানত সংসদৰ সৰ্ববৃহৎ দলৰ নেতা হিচাপে অটলজীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ১৩ দিনৰ পিছত সংসদত আস্থা প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই পদত্যাগ কৰে।

    ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈকে দ্বিতীয়বাৰৰ বাবে ১৩ মাহ সময় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৮ চনৰ ১১ মে’ত ভাৰতে ৰাজস্থানৰ পোখৰাণত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে পাৰমাণৱিক পৰীক্ষণ কৰাৰ সময়ত ই দেশৰ বৈজ্ঞানিক সামৰ্থ্য প্ৰদৰ্শন কৰাই নহয়, বাজপেয়ীৰ নেতৃত্বৰ সাহসকো প্ৰতিফলিত কৰি তুলিছিল।পাৰমাণৱিক পৰীক্ষণ কৰাৰ সময়ত শক্তিশালী ৰাষ্ট্ৰসমূহে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিলে, আমদানি আৰু ৰপ্তানি বন্ধ কৰিলে, কিন্তু অটলজীক দমন কৰিব নোৱাৰিলে।সংসদত বিৰোধীয়ে অনা আস্থা প্রস্তাৱত অটলজীয়ে হেৰুৱাইছিল মাত্র এটা ভোটত৷ ওড়িশা কংগ্ৰেছৰ মুখ্যমন্ত্ৰী গিৰিধাৰী গোমাঙে সেই ভোট অনৈতিকভাৱে দিছিল। কাৰ্গিল যুদ্ধৰ সময়ত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) কেন্দ্ৰত ক্ষমতাত আছিল।  এই যুদ্ধত ভাৰতৰ বিজয়ে বাজপেয়ীৰ ভাবমূৰ্তিত ইতিবাচক প্ৰভাৱ পেলাইছিল। কাৰ্গিল যুদ্ধই  ৰাষ্ট্ৰীৰ স্বাৰ্থত সকলো স্তৰৰ প্ৰত্যাহ্বান জনাবলৈ যে বাজপেয়ী সাজু থাকে সেই কথাক সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰতিপন্ন কৰি তুলিছিল। 

    ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ তেওঁ সফলতাৰে পাঁচ বছৰ সম্পূৰ্ণ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।  তেওঁ পূৰ্ণাংগ পাঁচ বছৰৰ কাৰ্যকাল পাৰ কৰা প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী

    অটলজীয়ে গাঁও, চতুৰ্ভুজ আৰু গাঁও সংযোগৰ পথ আঁচনি নিৰ্মাণ কৰি, বিশ্ব বেংক আৰু আই এম এফৰ ঋণ পৰিশোধ কৰি আৰু বন্ধকত ৰখা সোণ ভাৰতলৈ ঘূৰাই আনি ভাৰতক ঋণমুক্ত কৰি তুলিলে। তেওঁ বিদেশী মুদ্ৰাৰ বিশাল মজুত গঢ়ি তুলিছিল।

    নিঃসন্দেহে অটল বিহাৰী বাজপেয়ী আছিল এজন বহুমুখী ব্যক্তিত্বৰ অধিকাৰী এজন ৰাষ্ট্ৰনেতা, কবি, লেখক। নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি দায়বদ্ধ অটল বিহাৰী বাজপেয়ীয়ে কৰ্মৰ লগতে নিজৰ বাগ্মিতাৰ জৰিয়তেও জনসাধাৰণৰ মাজত নিজৰ স্থান সুনিশ্চিত কৰিব পাৰিছিল। স্থিতপ্ৰজ্ঞ অটল বিহাৰী বাজপেয়ীয়ে ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰখনত এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল। শাসক, বিৰোধী সকলোকে সন্মান কৰা বাজপেয়ীয়ে যেতিয়া সংসদত ব্যক্তব্য প্ৰদান কৰিছিল তেতিয়া সংসদ ভৱনত এক অনন্য পৰিৱেশৰ সৃষ্টি হৈছিল। এক সন্মোহনী শক্তিৰ জৰিয়তে শাসক-বিৰোধী সকলোৰে হৃদয় জয় কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে। শাৰীৰিক অসুস্থতাৰ বাবে ২০০৮/৯ চনৰ পৰা ৰাজনীতিৰ পৰা অৱসৰ ল’বলৈ বাধ্য হৈছিল

সন্মান

পদ্ম বিভূষন, ১৯৯২ চন

ডি লিট, ১৯৯৬ চন (কানপুৰ বিশ্ববিদ্যালয়)

লোকমান্য তিলক পুৰষ্কাৰ, ১৯৯৪ চন

শ্ৰেষ্ঠ সাংসদ, ১৯৯৪ চন

ভাৰতৰত্ন, ২০১৪ চন

ডি লিট, ২০১৫ চন (মধ্য প্ৰদেশ মুক্ত বিশ্ববিদ্যালয়)

প্ৰৱন্ধ পুথি সমূহ হ’লNational Integration (1961), New Dimensions of India’s Foreign Policy (1979), Gathbandhan Ki Rajneeti, Kucha Lekha, Kucha Bhashana (1996), Bindu-Bindu Vicara (1997), Decisive Days (1999), Sankalp-Kaal (1999), Vicara-Bindu, India’s Perspectives on ASEAN and the Asia-Pacific Region (2003), Na Dainyam Na Palayanam, Nayi Chunouti : Naya Avasar,

কবিতা পুথি সমূহ হ’লKaidi Kaviraj Ki Kundalian, Amar Aag Hai (1994), Meri Ikyaavan Kavitaen (1995), Kya Khoya Kya Paya: Atal Bihari Vajapeyi, Vyaktitva Aur Kavitaem (1999), Values, Vision & Verses of  India’s Man of Destiny (2001), Twenty-one Poems (2003), Chuni Hui Kavitayein (2012). 

মৃত্যু = ২০১৮ চনৰ ১৬ আগষ্ট ,৯৩ বছৰ বয়সত


                                                                                       সংগ্ৰাহক  - ডাঃ নেৱাজ শ্বৰিফুল হক



No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.