মাদক দ্ৰব্যৰ কু-প্ৰভাৱ
মাদক দ্ৰব্যৰ কু-প্ৰভাৱ
কোনে বুজিব কোনে শুনিব
পৃথিৱীৰ এই জীৱশ্ৰেষ্ঠৰ নৰক যাত্রাৰ কথা।
মাক-দেউতাকৰ স্বপ্নক ধূলিসাৎ কৰা
পুত্র-জীয়ৰীয়ে আজি মাদক দ্ৰব্যৰে
জীৱনৰ লক্ষ্য নিৰ্ধাৰন কৰে!
সন্তানৰ কু-কীৰ্তিয়ে আনে
বেদনাৰ অশ্ৰুৰ নৈ...
দূৰদৰ্শী চিন্তাৰ উন্মেষ হৈছিল সেইদিনাখন
যেতিয়া দুভৰিত মূৰ থৈ সন্তানে
আশীৰ্বাদ লৈ বিদ্যালয় যাত্রা কৰিছিল।
প্ৰীতি চেনেহৰে সোণটোৱে
শিক্ষা গ্ৰহন কৰিছিল। পাঠ শিকিছিল
বৌদ্ধিক জগতৰ। সহপাঠীৰে পৰিচয় হৈছিল
এখন নতুন জগতৰ।
ধোঁৱা উৰুওৱা
চিৰিঞ্জ'ৰে বেজী লোৱা
শিখৰ-পাণ মছলাৰে আজীৱন মিত্রতা।
গঢ়ি উঠিছিল এক নতুন সংস্কৃতি। য'ত
দুখন হৃদয়ে নীৰৱে কান্দিছিল।
মাদক দ্ৰব্যই ইহ-সংসাৰৰ
ৰঙীন পোহৰত কালিকা লগা ছাঁ সানিছে
কত মাতৃৰ কোলা উদং কৰিছে
কত পিতৃৰ দুচকুৰ টোপনি হৰিছে! উচ্চাকাংক্ষাৰ
দীপ্ত শিখা নুমাই গৈছে।
দুৰু দুৰু কৈ কঁপা হৃদয়ৰে আশাৰ
বন্তি গছিত প্ৰাণ ঢালিছে...
সমাজখন কেতিয়া সুন্দৰ হ'ব
মাদক দ্ৰব্যক লৈ কেতিয়া ধনাত্মক
চিন্তাই বিৰাজ কৰিব। এদিন এজাক বৰষুণ আহিব
ধোঁৱাই দিব সেই চিন্তাবোৰ
যিয়ে মাদক দ্ৰব্য সৃষ্টিত অৰিহনা যোগাই॥
কমলেশ কাঞ্চন
গাঁও:- উপৰ খাটিৰা
পো.অ:- বামুণীগাঁও
জিলা:- কামৰূপ(অসম)

No comments