দীঘলঠেঙীয়া
দীঘলঠেঙীয়া
চকুৰে মনিব নোৱাৰালৈকে গোটেই বাটতো নিজৰ কৰিব বিচৰা লালুং গোহাঞি এ কেতিয়াও নাই শৰীৰত তাৰ তেজ কিমান নাইবা সন্তান কেইটা। বছৰেকীয়া পৰীক্ষাৰ অন্তত যেতিয়া ফলাফল ঘোষনা কৰে ৰেণুৱে দৌৰি আহি পোন প্ৰথমে দেউতাককে জনাই- দেউতা প্ৰথম। তাৰ প্ৰত্যুত্তৰ সদাই এটাই থাকে- আৰু বহুত বাকী আছে।
তাই নিৰাশ নহয়, দেউতাকৰ মুখত উলোৱা মৰম আৰু বিহপানীৰ সোৱাদক তাই বীভক্ত কৰিব শিকিছে। দিনটো ঘৰত অকলে থকা ৰেণুৱে আজি ভয় খালে, কিবা এটা নেদেখা বস্তু দেখি তাই উচাত মাৰি গৈ একে লৰে বিচনাত গৈ উঠিল। সন্ধিয়া ভগাত লালুং ঘৰ সোমাল প্ৰত্যেক দিনৰ দৰে বিহপানী মুখত। ভৰি কত কেনেকৈ পৰিছে ঠিকনা নাই; দুৱাৰখন সম্পূৰ্ণ মেল খাই আছে, সি ভিতৰলৈ সোমাই গৈ ৰেণুক চিঞৰি উঠিল- কি হ'ল ৰেণু ? কোচমোচ খাই বিচনাৰ ওপৰত বহি থকা ৰেণুৱে উত্তৰ দিলে- দীঘলঠেঙীয়া।
ঠটমট খাই লালুং বহি পৰিল। জীয়েকে তাক কেতিয়াও আগতে এনেদৰে কোৱা নাছিল। ভাবি ভাবি সি এটাই অনুভৱ কৰিলে- অস্বস্তিকৰ বিহপানী দীঘলঠেঙীয়া মই।
-অভিজিত তামুলী, ছাত্ৰ কটন বিশ্ববিদ্যালয়
No comments