মই আপোনাক কেতিয়াবা ধ্বংস কৰিব পাৰো

 মই আপোনাক কেতিয়াবা ধ্বংস কৰিব পাৰো

প্ৰতি,
শ্ৰীযুত হৰেশ্বৰ হাজৰীকা
(ওৰফে সমাজবাদী হাজৰীকা দদাইদেউ)
১ শাওন, ১৯৪৫ শতাব্দী

মই আপোনাক কেতিয়াবা ধ্বংস কৰিব পাৰো
সেই ধ্বংসৰ কোনো তথ্য বিচাৰি নাপাব
সেইয়া আপুনি ভাবিব পাৰে
ধ্বংস বা হত্যা বা আপুনি যি বুলি ভাবে।

ঠাহ খাই গেলি থকা দলনিৰ মাজত মোক যেতিয়া এৰি দিয়ে,
যেতিয়া হাবিৰ ঘন আন্ধাৰত মোক এৰি দিব বিচাৰে,
আৰু মোক পানীৰ মাজত যেতিয়া পেলাই দিব বিচাৰে
সেইয়ে মই তেন্তে আপোনাক ধ্বংস কৰিব পাৰো।
মোৰ আত্মাই নিবিচাৰে আপোনাক ধ্বংস কৰক
নিবিচাৰে আপোনাৰ পৰিয়ালৰ ভাত মুঠি উদং কৰক
বা
আপোনাৰ পত্নীৰ ৰঙা কপালত বগা ফুট দিব,
মাত্ৰ জানি থওঁক মই আপোনাক কেতিয়াবা
ধ্বংস কৰিব পাৰো।

ফটা কামিজত যেতিয়া পিতাই কাম বিচাৰে,
খালি পেটেৰে যেতিয়া আইয়ে আপোনাক কাতৰ প্ৰাৰ্থনা কৰে
আৰু আপুনি তেওঁক ঠাট্টা-মস্কাৰ কৰি কামিজ ফালে
নাইবা আচল বাগৰাই দিয়ে
নাইবা দুই-এবটল নিচা পানী দি ঠাণ্ডা কৰিব বিচাৰে
শূন্যৰ পাছত শূন্য বহুৱাব বিচাৰে
সেই মানুহক মই ধ্বংস  কৰিব পাৰো।

ৰঙা বাৰোদত মোৰ শক্তি নাই,
নাই মোৰ কাৰো প্ৰতি আক্ৰুশ আৰু আশা
সমাজত কাম চলি থাকে, পৰিৱৰ্তন হৈ থাকে
কিন্তু মই এনে পৰিৱৰ্তন নিবিচাৰো, যি পৰিৱৰ্তনে মানুহক আন্ধাৰ আৰু কংক্ৰীত কৰিব পাৰে।
বগা বণিকৰ গাত যেতিয়া বোকা লাগে
শুকান বাহে যেতিয়া পানী শুহে
সেই ক্ৰুধ আৰু বিশাদ কিমান আপুনিও জানে!
মাতৃৰ মৰম আৰু পিতৃৰ স্নেহ কিমান
সেইয়া যদি বটলে বটলে জুখিব বিচাৰে
তেনে ব্যক্তিক মই ধ্বংস কৰিব পাৰো।
জাগি শুৱক আপুনি,
নাইবা আপুনি আপোনাক চিনি পাওঁক
নহলে আপোনাক মই ধ্বংস কৰিব পাৰো।

ইতি,
এইয়া এটা সন্তানৰ বিদ্ৰোহ
আপোনাৰ মৃত্যুৰ এখন আগজাননী।।

-অভিজিত তামুলী, ছাত্ৰ কটন বিশ্ববিদ্যালয়

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.