ঘামবোৰ সেউজীয়া হ'ল
ঘামবোৰ সেউজীয়া হ'ল
কানি মুনি পোহৰত
জাগি উঠে চাৰিখন হাত-ভৰি।
যন্ত্ৰতকৈও কম নহয় যে
তেওঁলোকৰ শ্ৰমখিনি।
"অহ্ অহ্ ৰহ্ ৰহ্""
মাত শুনিবলৈ ৰৈ থাকে
আৰু দুটি প্ৰাণী।
মাটিৰ গোন্ধে মাতে যে হাত বাউলি,
আমেজৰ শেতেলীতকৈও
বোকাৰ শীতলখিনিতহে
তেওঁলোকৰ শান্তি বেছি।
এদিন, দুদিন কৰি পষেক,মাহ যায় বাগৰি
সেউজীয়া হোৱা পথাৰখনি দেখি
ওঁঠত বাগৰে মিঠা হাঁহি।
প্ৰথমী পূজাৰী
বিশ্বনাথ চাৰিআলি

No comments