ডাঙৰী

 ডাঙৰী




দেউতাৰ বিৰিয়াত উঠি হালি জালি আহি থাক তই। 

পথাৰৰ মাজৰ সৰু সৰু  

আলিয়েদি বৰ আলিত উথহি  

তোৰ জিৰজিৰ শুৱলা গীতত 

জিলিকি উঠে

দেউতাৰ মুখ

 নঙলামুখত ৰৈ থাকে

এজুৰি আশাৰ চকু।

আটোলতুলকৈ নমাই

আনে টোক চোতাললৈ।

য'ৰ পৰা তই ভোগালী হবি 

পোহৰাবি  হিয়াৰ আমঠো আতঁৰাবি লঘুনিয়া দুখ 




জানমণি বৰবৰুৱা


2 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. ভাল হৈছে আগুৱাই যোৱা তুমি তোমাৰ জীৱনত । আগৰলৈও এনেধৰণৰ কবিতা তোমাৰ পৰা পাম বুলি আশা থাকিল ।

    ReplyDelete

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.