সমাজৰ ব্যাধি
সমাজৰ ব্যাধি
মালাই অৱশ দেহটো বিছনাত এৰি দিয়াৰ মাত্ৰেই বিভিন্ন চিন্তাই আহি ভাৰাক্ৰান্ত কৰি তুলিলে।তাই ভগৱানক বাৰে বাৰে প্ৰশ্ন কৰে- হে প্ৰভু, এয়া তুমি কি পৰীক্ষা লৈছা?কিয় ইমান কষ্ট দিছা?এটা সময়ত বিনিদ্ৰ ৰজনীৰে শেতেলি এৰি মালাই বাহী বন কৰি থকাৰ মাজতেই পুতেক মন্টুয়ে আজিও আপত্তি কৰিবলৈ নেৰিলে। মাকে তাক বুজাবলৈ চেষ্টা কৰিলে -
:বাবা, তইটো দেখিচয়ে, দেউতাৰাৰ পেঞ্চনৰ টকা কেইটা আৰু মই ব্লাউজ চিলোৱা টকা কেইটাৰে কোনোমতে ঘৰখন চলাই আছোঁ। মই তোক সদায় এনেদৰে দি থাকিবলৈ কৰ পৰা টকা-পইচা পাওঁ কচোন?
: মই সেইবোৰ একো নাজানো মা, মোক টকা লাগিবয়ে। বিচাৰিলে যদি সামান্য টকা কেইটামানকে দিব নোৱৰা তেন্তে জন্ম দিছিলা কিয়? কথাষাৰ কৈ সি খঙতে ঘৰৰ পৰা ওলাই গ'ল।
: হে' ৰা মালা, শুনিছানে। বৰ পানী পিয়াহ লাগিছে।পানী এগিলাচ দিয়াচোন।মালাই পানীৰ গিলাচটো দি যাবলৈ খুজোতেই গীৰিয়েকে ক'লে - তোমাৰ বৰ কষ্ট হৈছে নহয়নে?বাবাও দেখিছোঁ আজি কিছুদিনৰ পৰা তাৰ দাবিবোৰ বেছি হ'বলৈ ধৰিছে।ময়ো একো এখন কৰিব নোৱৰা হ'লোঁ। ঈশ্বৰে সোনকালে মাৰি নিলেই হয় আৰু।
:তেনেকে নক'বচোন। মোক মাত এষাৰ দিবলৈকে আপুনি ভালে থাকিব লাগিব। কথাষাৰ কৈ মালাই হুমুনিয়াহ্ এটা এৰি কোঠালিটোৰ পৰা আঁতৰি গ'ল।
:বাবা, ভাতকেইটা যে এনেদৰে পিটিকি আছ। নাখাৱনো কিয়? দুপৰীয়া ভাতৰ পাতত মুখ ওফন্দাই বহি থকা পুতেকক মাকে কথাষাৰ কোৱা মাত্ৰে সি কৈ উঠিল-
:মোক প্ৰথমে টকা দিম বুলি কথা দিয়া, তেতিয়াহে খাম।লগৰবোৰে বাইক দৌৰাই আছে আৰু মোক টকা এহেজাও দিবলৈ নোৱৰা তুমি।
:বাবা, ওঠৰ বছৰ নহলে গাড়ী, মটৰচাইকেল এইবোৰ চলোৱাতো কেতিয়াও উচিত নহয় বুজিছ। আৰু যিসকল অভিভাৱকে দিছে তেওঁলোকে ভুল কৰিছে।
:মই সেইবোৰ নাজানো, মোকো এখন বাইক লাগিব।মোৰ বন্ধুবোৰৰ ওচৰত মই কিবা লাজ নাপাওঁ নেকি? তুমি খালি সদায় না না য়ে কৰি থাকা।
: হ'ব দে, এতিয়া ভাত কেইটা খাচোন তই।
: নহ'ব, প্ৰথমে মোক টকা দিয়া। মাকে উপায় নাপাই টকা এহেজাৰ আনি দিয়াত সি ভাত কেইটা খৰ-খেদাকৈ খাই বাহিৰলৈ ওলাই গ'ল।
স্কুললৈ বুলি ওলাই গৈ মন্টুৱে স্কুলৰ পৰিবৰ্তে কেইটামান বেয়া ল'ৰাৰ লগ হৈ ড্ৰাগছ, মদ, চিগাৰেট সেই নিচা জাতিয় দ্ৰব্য সেৱন কৰিবলৈ ল'লে। মাকে টকা নিদিলে খং কৰি ঘৰৰ বস্তুবোৰ দলিয়াই ভাগে আৰু প্ৰয়োজনীয় বস্তুবোৰকে নি বিক্ৰী কৰে। মাক-দেউতাকে তাক বুজাইও ঠিক কৰিব পৰা নাই।
মালাই ডাক্তৰ পল্লৱজ্যোতি বৰুৱাৰ সৈতে আলোচনা কৰি ঘৰলৈ আহি গিৰীয়েকক ক'লে- ডাক্তৰে আপোনাৰ চিকিৎসাৰ বাবে দুইলাখ টকা খৰচ হ'ব বুলি কৈছে। কিবা এটা কৰি টকাখিনি যোগাৰ কৰিব লাগিব।
:মালা, ইমানবোৰ টকা ক'ত পাবা? নালাগে বুজিছা। ঈশ্বৰে যিমান দিন ৰাখে ৰাখিব দিয়া।
:কিয়নো তেনেকৈ কয়? মই কথা এটা ভাবিছোঁ। মোৰ সোণৰ গহনাখিনি এনেয়ে বাকচত পৰি ৰৈছে। সেই পাঁচভৰি সোণকে বিক্ৰী কৰিম। আপুনি মোক বাধা নিদিব। মোৰেই শপত।
:এয়া তুমি কি কৈছা মালা? শেষত তোমাৰ সেই মৰমৰ গহনাখিনিও... উঃ হে ভগৱান, এয়া তুমি কি পৰীক্ষা লৈছা?
: মোৰ বাবে আপোনাতকৈ সেই গহনাখিনিৰ মূল্য বেছি হ'ব নোৱাৰে বুজিছে। কথাখিনি কৈ মালা কোঠাটোৰ পৰা ওলাই গৈ চিধাই বাকচটো খুলি গহনাখিনি বিচাৰিবলৈ ধৰিলে।
:বাবা, চাওঁ এইফালে আহচোন।
:কি হ'ল মা। ইমানকৈ চিঞৰি আছা কিয়?সি কাষৰ কোঠালিটোৰ পৰা কথাষাৰ কৈ ওলাই আহিল।
:মোৰ বাকচৰ পৰা গহনাখিনি গ'ল কলৈ।ইমানকৈ বিচাৰিও বিচাৰি পোৱা নাই।
: তোমাৰ গহনাৰ কথা তুমিহে জানিবা। মই কি জানো। সেইবোৰ কিবা, মই পিন্ধো নেকি? কথাখিনি কৈ সি মাকৰ কাষৰ পৰা আঁতৰি গ'ল।
গহনাখিনি বিচাৰি নাপাই এটা সময়ত মালাই হুকহুকাই কান্দি উঠিল। কথাটো কিন্তু গিৰীয়েকক নকলে। আবেলি সময়ত গাঁৱৰ মাকনহঁতৰ বিয়ালৈ বুলি যাবলৈ ওলাই মালাই গিৰীয়েকক ক'লে -
:হেৰি শুনিছেনে, মই মাকনহঁতৰ ঘৰলৈ গৈ সাউৎকৰে বিয়াখন খাই আহো। আপোনাৰ ঔষধ টেবুলতে আছে, সময়ত খাব। গিৰীয়েকে মালাৰ উদং ডিঙিটোলৈ চাই ক'লে -
:মালা, গহনাখিনি বিক্ৰী কৰিলা নেকি? তোমাৰ উদং ডিঙিটো দেখি বৰ দুখ পাইছোঁ মই।
: বিক্ৰী কৰা নাই। আজি কালিচোন গহনা পিন্ধি ভালেই নোপোৱা হ'লোঁ। মই এতিয়া আহো দিয়ক। কথাষাৰ কৈ মালা বিয়া ঘৰলৈ বুলি ওলাই গ'ল।
বিয়াঘৰত এজনী মহিলাৰ ডিঙিত নিজৰ গহনাখিনি দেখি মালা আচৰিত হ'ল। তাই মহিলাগৰাকীৰ কাষ চাপি গ'ল আৰু সোধো নোসোধো কৈ এপাকত কথাটো সুধি দিলে -
: আপোনাৰ গহনাখিনি কৰ পৰা কিনিছে? ইমান ধুনীয়া লাগিছে।
:অ' হয়নেকি? ধন্যবাদ দেই। কালি এওঁ তৰুণ সোণাৰিৰ পৰা কিনি আনিছে। কথাখিনি কৈ মানুহগৰাকীয়ে আত্মসন্তুষ্টিৰ এটা হাঁহি মাৰিলে।
হাঁহিৰে প্ৰতি সহাৰি জনাই মালাই দুই এষাৰ কথা পাতি বিয়াঘৰৰ পৰা ওলাই চিধাই তৰুণ সোণাৰিৰ ওচৰ পালেগৈ। কথাৰ ৰহস্য বুজ লৈ বুকুত এচটা শিল বান্ধি দুচকু বোৱাই মালা ঘৰ পালেহি। মালা চিধাই মন্টুৰ কোঠালি পালেগৈ।
চিৰিঞ্জেৰে ড্ৰাগছ লৈ ফোঁপাই-যোপাই থকা মন্টুৰ সেই কাণ্ড দেখি মাকৰ চুলি আগেৰে যেন জীৱটো উৰি গ'ল।মাকে গমেই পোৱা নাছিল পুতেক যে ড্ৰাকছৰ কবলত পৰিছে। মাকে মাতৃত্ব অধিকাৰ সাব্যস্তৰে পুতেকক চৰটো মৰাৰ লগে লগে সি যে ৰুদ্ৰ- মূৰ্তি ধাৰণ কৰি মাকক গঁতা মাৰি পেলাই দিব, সেই কথা মাকে কল্পনাই কৰিব পৰা নাছিল।মাকে পৰি থকাৰ পৰাই কান্দি কান্দি সুধিলে -
:মোৰ সোণৰ গহনাখিনি তই ক'ত নি বেচিছিলি সঁচা কথা ক?
: তোমাক টকা বিচাৰিলে একেবাৰতে নিদিয়া নহয়, সেয়ে বিক্ৰী কৰি টকা ললো।মোক টকা লাগে, টকা।
:তই টকাৰে যে এনেদৰে মৃত্যুক কিনিবি, মই সপোনতো ভবা নাছিলো অ' বাবা। একমাত্ৰ সন্তান হিচাবে তোক কোনোদিনে কষ্ট পাবলৈ দিয়া নাছিলোঁ, কিন্তু তাৰ পৰিণাম তই এয়াই দিলি নহয়? আজি মাৰৰ ওপৰতো হাত তুলিব পৰা হলি। মাকে চকুপানী মচি মচি তাৰ কাষৰ পৰা আঁতৰি গ'ল।
লাহে লাহে মন্টু অসুস্থ হৈ পৰিল। মালাই কাক কৰিব চিকিৎসা? উপায়ন্তৰ হৈ ঘৰৰ ভেটিটো ৰাখি বাৰীখনৰ বাকী থকা মাটিখিনি বিক্ৰী কৰিলে। গিৰীয়েকক বচাব নোৱাৰিলে আৰু পুতেক মন্টু হৈ পৰিল সকলোৰে পৰিচিত এতিয়া মন্টু পাগল।
মালাই হাত সাবটি বহি নাথাকিল।পুতেকে কৰা ভুলটো জাতে উঠি অহা প্ৰজন্মই পুনৰ কৰিব নোৱাৰে তাকে ভাবি এটা দৃঢ় সংকল্প মনত লৈ ঘৰৰ পৰা ওলাই গ'ল। মালাই কেইবাজনো মানুহৰ সৈতে কথাটো আলোচনা কৰিলে আৰু তাৰ লগে লগে বিভিন্ন ঠাইত নিচাযুক্ত দ্ৰব্যৰ বিষয়ে সজাগতা শিবিৰ পাতি তাক ৰুধ কৰিবলৈ উঠি পৰি লাগিল।
সমাপ্ত
ঠিকনা:
বন্দনা নাথ ঠাকুৰীয়া
মাৰফত: শ্ৰী ৰন্টু ঠাকুৰীয়া
গাওঁ: চমুৱা দ-গাওঁ
ডাকঘৰ: চমুৱা গাওঁ 'ধিং'
জিলা: নগাঁও 'অসম'
পিন: ৭৮২১২৩
No comments