ফাদিল
ফাদিল
জেঁঙতলী থানাত নতুন কৈ ভাৰ প্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰিছে বিপুল খাঁটনিয়াৰে। ইয়াৰ আগতে তেখেতে মৰাণ থানাত আছিল। চহৰৰ বহু অপৰাধ মূলক কাম বোৰ তেখেতৰ দিনত শেষ হৈছিল। চৰকাৰৰ পৰা বহু বাৰ পুৰস্কাৰ ও লাভ কৰিছে।
আজি জেঁঙতলী থানাত পুঁৱাৰে পৰা নিউজ চেনেলৰ মানুহ আহি ভৰি পৰিছে। তেওঁ যোৱা ৰাতি দুৰ্দান্ত ড্ৰাগছ পেডলাৰ এজন আটক কৰিছে। ইতিমধ্যে মাৰৰ কোবত সি পেৰ পেৰ কৈ সকলো কথা সৈ কাঢ়িছে। তাৰ মানে তেওঁ তথ্য ফাদিল কৰাত সফল হৈছে। তেওঁৰ মুখেৰে কুৎসিৎ হাঁহি এটি বাগৰি গ'ল। ইতিমধ্যে সাক্ষাৎকাৰ পৰ্ব আৰম্ভ হৈছে ---
-----" ছাৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰ্বপ্ৰথমে। আপুনি ড্ৰাগছ পেডলাৰ জনক আটক কৰি এটা প্ৰজন্মক ৰক্ষা কৰিবলৈ সক্ষম হৈছে। বাৰু কওঁকছোন বাৰু আৰু কোনোবা জড়িত হৈ আছে নেকি?!!" জেষ্ঠ সাংবাদিক জনে প্ৰশ্ন কৰিলে।
-----" নাই, আৰু বেলেগ কোনো নাই।ই অকলেই চলাই আহিছিল ইমান দিনে "!! খাঁটনিয়াৰ মুখত বিন্দু বিন্দু ঘাঁমৰ টোপাল!!
----" মিছা কথা দাদা!! তেওঁৰ ল'ৰা অনুপ খাঁটনিয়াৰ মোৰ লগত আছে। আমি দুয়োজনেই মিলি কৰি আহিছোঁ ইমান দিনে। তেখেতে নিজৰ ল'ৰাক বচাব বিচাৰিছে।"?? লক আপত সোমাই থকা যুৱক জনৰ কথাত সকলোৰে চকু কপালত উঠিল।
অ. চি. খাটনিয়াৰ বাকৰুদ্ধ হৈ পৰিল। বেলেগৰ তথ্য ফাদিল কৰোঁতে নিজৰো যে তথ্য ফাদিল হ'ব সপোনতো ভবা নাছিল।
**সমাপ্ত**
নাম:- শ্ৰী বিজিত কুমাৰ ভৰালী, তেজপুৰ
গাওঁ:- বামপৰ্বতীয়া ( হিৰণ্য শৰ্মা পথ)
জিলা:- শোণিতপুৰ (অসম)
পো: অ:- তেজপুৰ -৭৮৪০০১
nice
ReplyDelete