সুগন্ধি ফুল

 সুগন্ধি ফুল



এটি চমকা ৰ'দৰ দাপোনত

উপঙি উঠিছে তোমাৰ প্ৰতিচ্ছবি

যেন নীলা চাদৰৰ আঁৰত 

তুমি উৎপলা ময়ূৰী ৷

হৃদয়ৰ দুৱাৰ খুলি বিচাৰিছো 

এন্ধাৰৰ চঞ্চলা জোনাকী পৰুৱাৰ 

দৰে নেযাবা তুমি আঁতৰি ৷

আহাচোন কাষচাপি 

শ্বিলঙৰ গধূলিলৈ যাওঁ উভতি ৷

গাভৰু নদীৰ চাকনৈয়া 

মোৰ বৰ ভয় লাগে 

যেনিবা উতি যাওঁ তোমাক পাহৰি ৷

হাতত সাৰে, ডিঙিত সাৰে 

পিন্ধিছো ৰুদ্ৰাক্ষৰ মালাধাৰি ,

মালিনীৰ আলসুৱা বাগিছাৰ

বৰ্ণিল অতিথি তুমি ,

কোন বাটে আহিছা ফুৰি ?

চৌদিশে পোহৰাইছা ,থমকি ৰয় 

বাটৰুৱাই ৷

ক্লান্ত প্ৰণয়ৰ আঁৰে -আঁৰে কিনো

বিটুপন  জাগে ?

তোমাক ভালপাওঁ বুলি 

হৃদয়ে অংকন কৰে ৷


ৰজনী কুমাৰ ডেকা ৷


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.