চেমায়ুংদুংৰ পৰা বৈ আহিছে
চেমায়ুংদুংৰ পৰা বৈ আহিছে
ব্ৰহ্মাৰ পুত্ৰ ,
সুবিশাল নদী মহাবাহু ব্ৰহ্মপুত্ৰ,
নামেই এই নদীৰ পৰিচয় ।
চেমায়ুংদুং (ভাগীৰথ) হিমপ্ৰবাহ
জন্ম স্থান এই ব্ৰহ্মপুত্ৰ নদীৰ।
তুষাৰ আবৃত্য হিমালয় পৰ্ব্বত মালাৰ
মানস সৰোবৰ
জন্ম দাতা এই চিৰ প্ৰবাহিত নদীৰ।
তিৰ্ব্বতৰ পৰ্ব্বত ভূমিত উৎপত্তি এই নদী
চম্পো নাম লৈ আহিছে বৈ ।
চিয়াং দিচাং
দুজনী গাভৰু অৰুণাচলৰ ,
সেই নামে জনাজাত অৰুণাচলত।
পাহাৰ পৰ্ব্বত বগাই খলা বমা দীঘলীয়া পথ
জান জুৰি লগত লৈ
সমতল ভূমি বিচাৰি বৈ আহিল দিচাং নাম লৈ।
লুইত অন্য এটি চিনাকি নাম ,
অসমৰ সাৰুৱা ভূমিত গৰ্ব্বিত বুঢ়া লুইত।
শদীয়া ধুবুৰীৰ সাৰুৱা ভূমিত চিৰ প্ৰবাহিত
বৰ লুইত খনি,
এইয়াই মহাবাহু ব্ৰহ্মপুত্ৰ অসম দেশৰ।
এই নদীৰ বুকুতে সভ্যতা উপজিছিল
ইয়াতে সংস্কৃতি গঢ় লৈ উঠিছিল,
বৃটিছৰ জাহাজ চলিছিল লুইতৰ গভীৰ পানীত।
চাহ তেল কয়লাৰ উদ্যোগ বোৰ
স্থাপন হৈছিল লুইতৰ দুয়ো পাৰ সামৰি।
ফেনে ফোটোকাৰে ওফন্দি আহে
ভৰ বাৰিষা কালত ।
প্লাৱন কঢ়িয়াই বাৰিষা কালত
দুয়ো পাৰ কৰি দিয়ে মহাসাগৰ যেন ।
ঘৰ বাৰী ভাঙি ছিঙি লৈ যায়
ছিঙি থৈ যায় মথাউৰিৰ দুয়ো পাৰৰ ।
খেতি বাতি মোহাৰি সামৰি জীৱ জন্তু উটুৱাই ,
নষ্ট কৰি যায় খেতিয়কৰ সেউজীয়া পথাৰ
এৰি থৈ যায় দুৰ্ব্বিসহ জীৱন।
পদ্মা নদীৰ লগত মিলি
যমুনা নাম লৈ সাতোৰে ভূমধ্য সাগৰত গৈ।
এই বুঢ়া লুইত আমাৰ জন জীৱনৰ ,
মহাবাহু ব্ৰহ্মপুত্ৰ এই নদী খন
আমাৰ সংস্কৃতি পথাৰৰ ।
অনন্ত কুমাৰ ভূঞা
No comments