ময়েই সময়ৰ বিনাশকাৰী কলি
ময়েই সময়ৰ বিনাশকাৰী কলি
মই তাতেই বিদ্যমান
য'ত মানুহৰ লালসা আছে
য'ত মানুহৰ অতৃপ্ত আত্মাই কান্দে
য'ত মানুহৰ সপোন ভাঙে
মই তাতেই বিদ্যমান
মই তাতেই বিদ্যমান
য'ৰ পৰা আৰম্ভ হয় হিংসা বিদ্বেষৰ
মাটি- বাৰী, সোণ, ৰূপৰ অলংকাৰ
লগাতকৈ কিয় লাগে চন্দুকত ভৰাব'লৈ
য'ত মই সহবাস কৰোঁ ।
মই তাকেই বিনাশ কৰোঁ
যাৰ পৰস্ত্ৰীৰ প্ৰতি কামনাৰ লোলুপ দৃষ্টি,
যি মদ আৰু জুৱাত ৰচে অভিসন্ধি
বিপথগামী মানুহক কৰোঁ নজৰবন্দী
সেইয়ে মই শুনাও সাৱধান বাণী
হেৰৌ চৈতন্য ৰিপুৰ দেশৰ মানুহ
তহঁত এতিয়া ঘোৰ কলিৰ নজৰত;
উচ্চাকাংক্ষাৰ পাহাৰ গঢ়ি
ৰক্তপিপাসু মস্তক ধাৰণ কৰি
মানুহ হৈ কৰিছ মানুহৰ ---
চাৰিওফালে হত্যা ধৰ্ষণ লুটপাত ।
ইতিহাস সাক্ষী
কুৰুক্ষেত্ৰৰ যুদ্ধ ভূমি
ইতিহাস সাক্ষী
যদু বংশৰ ধ্বংসৰ পাতনি ময়েই,
ইতিহাস সাক্ষী
পৰস্ত্ৰীক হৰণ কৰি
মোকেই নিলে আমন্ত্ৰণ কৰি
ৰাৱণৰ স্বৰ্ণলংকা ধ্বংসৰ কাৰণ ময়েই
ময়েই সময়ৰ বিনাশকাৰী কলি ।
ধন দৌলত ঐশ্বয্য বিভূতি অযথা সাঁচি
মদ তিৰি জুৱাৰ আড্ডাত বহি
মোক আমন্ত্ৰণ নকৰিবি
মই সময়ৰ বিনাশকাৰী কলি ।
কৈলাশ চুতীয়া, গুৱাহাটী -২৯

No comments